NORTHEAST NOW (Assamese)
অসম

ইণ্ডিয়ান অইলত চাকৰি; ১৪৯৪টা পদত নিয়োগৰ বাবে আবেদন আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2019 10:29 am
slider3

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড (IOCL)য়ে ট্ৰেড এণ্ড টেকনিচিয়ান এপ্ৰেন্টিচ পদৰ বাবে আবেদন বিচাৰিছে।

আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ অহা ১৫ নৱেম্বৰ। চাকৰিৰ সন্ধানত থকা প্ৰাৰ্থীসকলৰ বাবে এটা ভাল সুযোগ। কেনেকৈ আবেদন কৰিব? চাওক সৱিশেষ।

পদৰ সংখ্যাঃ

ট্ৰেড এণ্ড টেকনিচিয়ান এপ্ৰেন্টিচৰ ১৪৯৪ টা পদৰ বাবে আবেদন বিচৰা হৈছে।

অৰ্হতাঃ

পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণী, আই টি আই ডিপ্ল’মা আৰু স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

বয়সৰ সীমাঃ

প্ৰাৰ্থী ন্যুনতম বয়স ১৮ বছৰৰ পৰা সৰ্বোচ্চ ২৪ বছৰ বয়সৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বয়সৰ সীমা নিয়মানুযায়ী শিথিল কৰা হ’ব।

নিযুক্তি প্ৰক্ৰিয়াঃ

প্ৰাৰ্থীসকল নিযুক্তি লিখিত পৰীক্ষাৰ ভিত্তিত প্ৰদান কৰা হ’ব।

গুৰুত্বপূৰ্ণ তাৰিখঃ

২৫ অক্টোবৰৰ পৰা আবেদন পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদন পত্ৰ পূৰণৰ অন্তিম তাৰিখ অহা ১৫ নৱেম্বৰ।

নিযুক্তিৰ স্থানঃ

নিযুক্তি দেশৰ যিকোনো অঞ্চলত হ’ব পাৰে।

আনহাতে, নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ দৰমহা IOCLৰ নিয়ম অনুসৰি  প্ৰদান কৰা হ’ব।  প্ৰাৰ্থীসকলে আবেদনৰ বাবে কোনো মাছুল আদায় দিব নালাগে।

আগ্ৰহী প্ৰাৰ্থীসকলে আনুষ্ঠানিক ৱেবছাইট  www.iocl.com আৰু www.ioclrecruit.com&nbsp ত গৈ বিশদভাৱে জানি ল’ব পাৰে।