NORTHEAST NOW (Assamese)

অসম বাজেট ২০১৮-১৯ জনকল্যাণকামী : মুখ্য মন্ত্ৰী সোণোৱাল

March 12, 2018 9:50 pm · এন ই নাও নিউজ
Updated: March 12, 2018 9:53 pm

অসম বিধানসভাত আজি সোমবাৰে দাখিল কৰা ২০১৮-১৯ বৰ্ষৰ বাজেটক জনকল্যাণকামী বুলিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বাজেটখনত অনেক কল্যাণকামী আঁচনি অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে বাজেটখনে সামাজিক সমতা আৰু ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এই বাজেটত নৰেন্দ্ৰ মোদীৰ ‘চবকা চাথ চবকা বিকাশ’ৰ লক্ষ্য ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে বুলিও সোণোৱালে উল্লেখ কৰে।

‘সকলো শ্ৰেণীৰ জনসাধাৰণৰ প্ৰত্যাশা পূৰণৰ’ ব্যৱস্থা থকা ‘এখন সৰ্বাংগসুন্দৰ বাজেট’ প্ৰস্তুত কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে বিত্ত মন্ত্ৰীৰ লগতে তেওঁৰ অধীনৰ বিষয়া-কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছে।

Related News