NORTHEAST NOW (Assamese)

অসম মহিলা বিশ্ববিদ্যালয় : কাকপথাৰত প্ৰতিবাদ আছুৰ; চৰকাৰক সকীয়নি

March 27, 2018 3:07 pm · এন ই নাও নিউজ

অসম চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব খোজাৰ বিৰুদ্ধে আজি মঙলবাৰে পুৱা ১১ বজাৰ পৰা কাকপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে৷

প্ৰতিবাদত শতাধিক আছু নেতা-কৰ্মীয়ে ভাগ লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ ব্যক্ত কৰে৷

চৰকাৰক বিশ্ববিদ্যালয়খন বন্ধ নকৰিবলৈ সকীয়াই দি আছুৱে মহিলা বিশ্ববিদ্যালয়খনত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে চৰকাৰক দাবী জনায়।

তেওঁলোকৰ দাবীসম্বলিত এখন স্মাৰক পত্ৰ প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আছুৱে প্ৰেৰণ কৰে।

Related News