NORTHEAST NOW (Assamese)

অসম-মিজোৰাম সীমান্তত চৰম উত্তেজনা : অসম আৰক্ষীৰ লাঠীচালনাত আহত মহিলা মিজো সাংবাদিক

March 10, 2018 11:10 pm · সংযুৱালা মাৰ
অসম আৰক্ষীৰ লাঠীৰ কোব খোৱা মিজো মহিলা সাংবাদিকগৰাকী

বিবদমান অসম-মিজোৰাম সীমান্তৰ বাইৰাবি চহৰৰ ওচৰৰ জফাই খেতিপথাৰত আজি শনিবাৰে অসম আৰক্ষীৰ গুলীচালনাত মিজো ছাত্ৰ সংস্থাৰ দুজন নেতাৰ দেহত গুলী লগাৰ লগতে লাঠীচালনাত প্ৰায় ১২ জন ছাত্ৰৰ লগতে আহত হৈছে দুগৰাকীকৈ মিজো মহিলা সাংবাদিক

আহত সাংবাদিক দুগৰাকী হৈছে নিউজ ১৮ৰ এমি চি লবেই আৰু আকাশবাণীৰ সাংবাদিক কেথেৰিন চি চাংগি।

মিজো মহিলা সাংবাদিকৰ পিঠিত অসম আৰক্ষীৰ মাৰৰ চিন

মিজো ছাত্ৰ সংস্থাই পথাৰখনত খেতিয়কসকলৰ বাবে নিৰ্মাণ কৰা এটা জিৰণি চ’ৰা যোৱা বৃহস্পতিবাৰে অসম আৰক্ষীয়ে ভাঙি দিয়াৰ পিছৰে পৰা ঠাইটুকুৰাত শিবিৰ পাতি থকা ছাত্ৰসকলে আজি আগবেলা পুনৰ চ’ৰাটো নিৰ্মাণৰ চেষ্টা কৰোঁতে হাইলাকান্দি জিলা আৰক্ষীয়ে বাধা প্ৰদান কৰি লাঠী আৰু গুলীচালনা কৰে।

নিজৰ ফে’চবুক পৃষ্ঠাত সাংবাদিকগৰাকীয়ে ‘মই এগৰাকী সাংবাদিক বুলি চিঞৰাৰ পিছতো সিহঁতে আমাক কোবাবলে নেৰিলে।’

ঘটনাথলীত উপস্থিত লোকসকলৰ ওপৰত অসম আৰক্ষীয়ে নিৰ্বিচাৰে লাঠী চলোৱা আনকি সাংবাদিকসকলে নিজৰ পৰিচয় পত্ৰ দেখুওৱাৰ পিছতো তেওঁলোকক আক্ৰমণ কৰা বুলি আহত লবেই অভিযোগ কৰিছে।

মিজোৰাম সাংবাদিক সংস্থাই ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰেও অসম আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা মিজো সাংবাদিক কেইজনৰপৰা অসম আৰক্ষীয়ে ক্ষমা মাগিব লাগে বুলি বিবৃতি প্ৰকাশ কৰিছিল।

যোৱা বৃ্হস্পতিবাৰেও অসম আৰক্ষীৰ লাঠীচালনাত আন লোকৰ লগতে দুজন সাংবাদিকো আহত হৈছিল।

Related News