NORTHEAST NOW (Assamese)
অসম

অসম, মেঘালয় ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বাংলাদেশী মুক্তিযোদ্ধা তথা ৰাষ্ট্ৰপতি মঃ আব্দুল হামিদ

Posted by: এন ই নাও নিউজ March 10, 2018 4:50 pm

অসম আৰু মেঘালয়ৰ তিনিদিনীয়া ভ্ৰমণ সামৰি আজি শনিবাৰে আবেলি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিলে বাংলাদেশৰ ৰাষ্ট্ৰপতি মঃ আব্দুল হামিদে।

অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিমান বন্দৰত বাংলাদেশী ৰাষ্ট্ৰপতিগৰাকীক বিদায় জনায়।

বাংলাদেশৰ মুক্তিযুদ্ধৰ কঠিন সময়চোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ এই ঠাইবিলাকতে আশ্ৰয় লোৱাৰ কথা সুঁৱৰি ৰাষ্ট্ৰপতিগৰাকীয়ে অসম আৰু মেঘালয়ৰ এই ভ্ৰমণ তেওঁৰ বাবে খুব নস্তালজিক আছিল বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে বাংলাদেশৰ মুক্তিযুদ্ধলৈ হামিদৰ বৰঙনিৰ বাবে ২০১৩ চনত তেওঁক বাংলাদেশ স্বাধীনতা দিৱস সন্মান আগবঢ়োৱা হৈছিল।

শ্বিলঙকে ধৰি মেঘালয়ৰ কিছু ঠাই এইবাৰ ভ্ৰমণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ‘এই ঠাইবোৰ দেখি খুব আনন্দিত’ হোৱা বুলি মন্তব্য কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰীক বাংলাদেশলৈ আমন্ত্ৰণ জনায়।

উন্নয়নৰ বাবে চুবুৰীয়াসকলৰ মাজৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি হামিদে অসমৰ ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰীৰ ভ্ৰমণে অসম-বাংলাদেশৰ সম্পৰ্ক সুদৃঢ় কৰিব মত প্ৰকাশ কৰে।

হামিদে লগতে কয় যে অঞ্চলটোৰ শান্তি আৰু সম্প্ৰীতিয়ে ইয়াক দ্ৰুত উন্নয়নৰ পথলৈ লৈ যাব।

ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে পত্নী ৰচিদা খানম আৰু বিভাগীয় বিভিন্ন বিষয়াসকলে।