NORTHEAST NOW (Assamese)
অসম

দীপালী বৰঠাকুৰ সন্দৰ্ভত উৰাবাতৰি ছ’চিয়েল মিডিয়াত : দায়িত্বহীন আখ্যা সচেতন মহলৰ

Posted by: এন ই নাও নিউজ March 10, 2018 5:08 pm
DipaliBorthakur

বাৰ্ধক্যজনিত অসুস্থতাত ভুগি গুৱাহাটীৰ নেইমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অসমৰ নাইটিংগেল খ্যাত সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ভুলকৈ বাতৰি প্ৰচাৰ হৈ থকাত সচেতন নাগৰিকসকলক উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে। ভুল খবৰে গায়িকাগৰাকীৰ আত্মীয় তথা অনুৰাগীসকলকো ক্ষুভিত কৰা দেখা গৈছে।

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত বহুতে গায়িকাগৰাকীৰ মৃত্যু হোৱা বুলি ভুলকৈ প্ৰচাৰ চলোৱা দেখা গৈছে। বহুতো ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত গায়িকাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাও দেখা গ’ল।

অৱশ্যে পিছত বাতৰিটো ভুল বুলি স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনাও কৰা দেখা গ’ল এনে বহুজনক।

‘এই দৃষ্টান্তই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ দায়বদ্ধতাৰ স্তৰ যে একেবাৰে তলৰ পৰ্য্যায়ত আছে সেইটোৱে প্ৰমাণ কৰে।’ –এইদৰে কয় গায়িকাগৰাকীৰ এজন অনুৰাগীয়ে।

মন কৰিব লগীয়া যে এই বাতৰি দিয়াসকলৰ বেছিভাগেই শিল্পীগৰাকীৰ অনুৰাগী। কিন্তু আগতীয়াকৈ খবৰ দিব পৰাৰ কৃতিত্ব ল’বলৈ গৈ এইসকলে নিজৰ দায়িত্বহীনতা প্ৰদৰ্শন কৰাটো দুৰ্ভাগ্যজনক। এওঁলোকৰ অনেককেই এতিয়া নিজৰ পোষ্ট ডিলিট কৰি ক্ষমা প্ৰাৰ্থনা সম্বলিত পোষ্ট দিয়া দেখা গৈছে।