NORTHEAST NOW (Assamese)
অসম

অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান ধুবুৰীৰ মীজানুৰ ৰহমানৰ

Posted by: এন ই নাও নিউজ May 25, 2018 11:35 am
599104-hslc-results-2017-570x320

আজি ঘোষিত হোৱা অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত ধুবুৰীস্থিত কামানদাংগা হাই মাদ্ৰাছাৰ মহম্মদ মীজানুৰ ৰহমানে সৰ্বমুঠ ৫৫৬ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰে। একেখন জিলাৰে চাপৰ মাদ্ৰাছা হাইমাদ্ৰাছাৰ নজমুল হুদাই ৫৫৫ আৰু দৰং জিলাস্থিত পশ্চিম মঙলদৈ হাইমাদ্ৰাছাৰ চাবিনা শৱনমে ৫৪৯ নম্বৰ লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে।

২০১৮ বৰ্ষৰ হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত মুঠ ৯০৯৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৪৬০৪ গৰাকী প্ৰাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয়।

উল্লেখ্য যে এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৫০.৬২ শতাংশ৷ ইয়াৰে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৫৫.১১ শতাংশ হোৱাৰ বিপৰীতে ছোৱালীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৪৭.১১ শতাংশ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৮৩১, দ্বিতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ২৪৮৯ আৰু তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ১২৮৪ গৰাকী শিক্ষাৰ্থী৷

৮৭.৭৬ শতাংশৰে উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা ৮১.৩৭ শতাংশৰে বাগছা দ্বিতীয় স্থানত আৰু ৭৩.৯৪ শতাংশৰে তৃতীয় স্থানত আছে লখিমপুৰ জিলা।

ইফালে জানিব পৰা মতে ২৫ গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন পোৱাৰ বিপৰীতে ১১৮ গৰাকীয়ে ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে।