NORTHEAST NOW (Assamese)
অসম

মেট্ৰিকৰ ফলাফলক লৈ মাজুলীত অঘটন: পৰীক্ষাৰ্থীৰ আত্মহননৰ চেষ্টাক লৈ চাঞ্চল্য

Posted by: মিটু খাটনিয়াৰ May 25, 2018 12:11 pm
WhatsApp

মেট্ৰিক- হাইমাদ্ৰাছাৰ ফলাফল ঘোষণাক লৈ সমগ্ৰ ৰাজ্যখনতে উছৱমুখৰ পৰিৱেশে বিৰাজ কৰি থকাৰ মাজুলীত সংঘটিত হল এক অনাকাংক্ষিত ঘটনা। জানিব পৰা মতে হাইস্কুল শিক্ষান্ত শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাত সহিব নোৱাৰি মাজুলীৰ নামকাটনি গাঁৱৰ জোনমণি হাজৰিকা নামৰ পৰীক্ষাৰ্থীগৰাকীয়ে ডিঙি আৰু বাঁওহাতৰ সিৰ কাটি আত্মহত্যাৰ অপচেষ্টা চলায় ।

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাত অনুতীৰ্ণ হোৱাত পৰীক্ষাৰ্থীগৰাকীয়ে ঘৰৰ বাৰীৰ ভিতৰত সোমাই সংঘটিত কৰা এই ঘটনাৰ পাছতে মাতৃয়ে দেখি ততাতৈয়াকৈ কমলাবাৰী চিকিৎসালয়লত ভৰ্তি কৰায়।

চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা পৰীক্ষাৰ্থী গৰাকীৰ এই কাণ্ডই মৰ্মাহত কৰিছে পৰিয়ালবৰ্গক।এই ঘটনাটোৱে গাঁৱখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে আজি ঘোষিত হাইস্কুল- হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠতে ৩৩৭৫৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। ইয়াৰ  ১৬৪৪৯২ গৰাকী ছাত্ৰ আৰু ১৭৩০৭৮ গৰাকী ছাত্ৰী। মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৬০৯৮৭ গৰাকীয়ে প্ৰথম বিভাগত, ৮১৮৫৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু বাকী ৪৬৩৫১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।