NORTHEAST NOW (Assamese)
অসম

অসহায় কৃষক : নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটিত পুনৰ লক্ষাধিক টকা মূল্যৰ গৰুচুৰি

Posted by: এন ই নাও নিউজ May 17, 2018 9:56 am
goshala-01

নগাঁও জিলাৰ বেবেজীয়াৰ আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআটিত মঙলবাৰে নিশা পুনৰ সংঘটিত হয় আন এক গৰু চুৰিৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, মাহৰিআটি নিবাসী ধৰসিং বৰদলৈৰ বলধ গৰুহাল যোৱা নিশা চোৰে গোহালিৰ পৰা চুৰি কৰি লৈ যায়।

বুধবাৰে পুৱা পৰিয়ালৰ লোকে গোহালিত গৰুহাল বিচাৰি নাপাই বিচাৰ-খোচাৰ কৰাতহে ঘটনাটো পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ বৰদলৈয়ে বেবেজীয়া আৰক্ষী চকীত অৱগত কৰে যদিও বৰ্তমানো গৰুহালৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লেখ্য যে, কৃষকগৰাকীৰ অৰ্থ উপাৰ্জনৰ একমাত্ৰ সম্বল লক্ষাধিক টকা মূল্যৰ বলধ গৰুহাল চুৰি হোৱাৰ ফলত পৰিয়ালটোৰ মূৰত যেন সৰগ ভাগি পৰিছে।

ইপিনে, দিনদিয়েক পূৰ্বে মাহৰিআটি গাঁৱৰে ৰঙাই বৰদলৈ নামৰ লোকজনৰ বলধ গৰুহালো নিশা গোহালিৰ পৰা চোৰে চুৰি কৰি নিছিল।

উল্লেখ্য যে, বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত কেইবামাহ ধৰি অব্যাহত থকা গৰু চুৰিৰ ঘটনাই সন্ত্ৰস্ত কৰি ৰাখিছে গঞা ৰাইজক। বেবেজীয়া আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ নিস্ক্ৰিয়, নিৰ্লিপ্ত ভূমিকাৰ বাবেই নিশা হ’লেই গৰুচোৰে নিৰ্বিঘ্নে গৰুচুৰি কাণ্ড সংঘটিত কৰি গৈছে বুলি অঞ্চলবাসীয়ে অভিযোগ তুলিছে।

বাৰিষাৰ কৃষিকৰ্মৰ বতৰ আৰম্ভ হোৱাৰ সময়ত উক্ত কৃষকগৰাকীৰ বাবে এতিয়া এহাল গৰু যোগাৰ কৰাটো অত্যন্ত জৰুৰী যদিও এয়া তেওঁৰ বাবে দুঃসাধ্য হৈ পৰিছে।