NORTHEAST NOW (Assamese)
অসম

বিভাগীয় জাননী অবিহনেই মধ্যাহ্ন ভোজন যোগানৰ দায়িত্বৰ বাবে কাম-কাজ আৰম্ভ বহিৰাগত প্ৰতিষ্ঠানৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক March 31, 2019 8:59 pm
Anganwadi Workers

অসম চৰকাৰে এটা কেবিনেট সিদ্ধান্তৰ জৰিয়তে মধ্যাহ্ন ভোজনৰ গোটেই ব্যৱস্থাটো ৰাজ্যৰ বাহিৰৰ ঠিকাদাৰী প্ৰতিষ্ঠানক সঁপি দিবলৈ ওলোৱাৰ বিৰুদ্ধে দীঘলীয়া প্ৰতিবাদ কৰি আহিছে ৰন্ধনকৰ্মীসকল। কেবিনেটৰ সিদ্ধান্তটো মতে বৰ্তমান ৰন্ধনকৰ্মীসকলক অব্যাহতি দি মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া হ’ব।

২০১৮ চনৰ ২৪ ডিচেম্বৰত এই বিষয়ক এখন অধিসূচনাও জাৰি কৰিছিল অসম চৰকাৰে।

মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী হিচাপে কাম কৰি মাহে ১ হাজাৰ টকাৰ সামান্য মাননি পোৱা ১ লাখ ১৪ হাজাৰ ৰন্ধনকৰ্মীয়ে তেওঁলোকৰ মাহিলি সামান্য উপাৰ্জন কাঢ়ি নিয়াৰ এই ষড়যন্ত্ৰৰ কথা অৱগত হোৱাৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ৩০ মাৰ্চতো তেওঁলোকে এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

কিন্তু সৰ্বশিক্ষা অভিযানৰ সঞ্চালকে আন্দোলনকাৰী নেতা-নেত্ৰীক জনাইছে যে এতিয়াও এই ক্ষেত্ৰত বিভাগীয় জাননী জাৰি হ’বলৈ বাকী আছে। কোনো নিবিদা এতিয়ালৈকে আহ্বান কৰা নাই।

মিশ্যন সঞ্চালকজনৰ এই দাবীৰ বিপৰীতে, মধ্যাহ্নভোজনৰ দায়িত্ব পাম বুলি আশা কৰা কেইবাটাও বহিৰাগত প্ৰতিষ্ঠানে তেওঁলোকৰ কামকাজ আৰম্ভই কৰি দিছে ৰাজ্যখনৰ বিভিন্ন ঠাইত। এই গুৰুতৰ অভিযোগ কৰিছে চৰকাৰী পদক্ষেপটোৰ বিৰুদ্ধে আন্দোলন কৰি থকা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী য়ুনিয়নৰ লগতে প্ৰতিবাদৰ নেতৃত্ব দিয়া চেণ্টাৰ অব ইণ্ডিয়া ট্ৰেইড য়ুনিয়ন, অসমৰ সাধাৰণ সম্পাদক তপন শৰ্মাই।

শৰ্মাৰ দাবীয়ে চৰকাৰখনৰ ভিতৰুৱা গতিবিধিৰ বিষয়ে যে বাহিৰৰ বহুতো ব্যক্তিগত প্ৰতিষ্ঠানে নিতে খবৰ পাই থাকে তাৰ এটা প্ৰমাণ দাঙি ধৰে। লগতে চৰকাৰখনৰ সৈতে ঘনিষ্ঠতা থকা একাংশ নেতাৰ মুনাফা আদায়ৰ অংকতে যে এনে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে সেয়াও অনুমান কৰিব পাৰি।

এটা টেলিফোনিক বাৰ্তালাপত শৰ্মাই নৰ্থ-ইষ্ট নাওক কয়, “সৰ্বশিক্ষা অভিযানে আমাক জনোৱা মতে এতিয়ালৈ মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতোৱাৰ কোনো জাননী জাৰি হোৱা নাই। কিন্তু একাংশ বেচৰকাৰী প্ৰতিষ্ঠানে ইতিমধ্যে এই প্ৰক্ৰিয়াৰ বাবে যাবতীয় কামকাজ আগ বঢ়াৱো আমি খবৰ পাইছো। প্ৰশ্ন হয়, জাননী জাৰি নোহোৱাকৈ কেনেকৈ কাম কাজ আগ বঢ়াইছে”।

জানিব পৰামতে, ১ এপ্ৰিলৰ পৰাই আঁচনিখনৰ দায়িত্ব, অৰ্থাৎ মধ্যাহ্ন ভোজন যোগানৰ কাম বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতলৈ যোৱাৰ কথা আছিল। খবৰ মতে, প্ৰায় ১৫টা ব্যক্তিগত প্ৰতিষ্ঠানে এই মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব পোৱাৰ কথা।

কিন্তু চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী য়ুনিয়নে ৩০ মাৰ্চত গুৱাহাটীৰ কাহিলিপাৰাস্থিত অসম সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সৰ্বশিক্ষা মিশ্যন সঞ্চালকে আন্দোলনকাৰীসকলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়।

এই আলোচনাৰ পাছত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী য়ুনিয়নে তেওঁলোকৰ আন্দোলন কাৰ্য্যসূচী স্থগিত ৰাখিছে।

নিৰ্বাচনী প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্য্যন্ত মধ্যাহ্ন ভোজন যোগান ব্যক্তিগতকৰণৰ সিদ্ধান্ত কাৰ্য্যকৰী নহয় বুলি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী য়ুনিয়নক আলোচনাৰ সময়ত মৌখিকভাৱে জানিবলৈ দিয়ে মিশ্যন সঞ্চালকে। আন্দোলনকাৰী ৰন্ধনকৰ্মীসকলে তেওঁলোকৰ ১ হাজাৰ টকা মাহিলি মাননিৰ ঠাইত ৫ হাজাৰ টকা দৰমহা দিয়াৰো দাবী তোলে।

ইপিনে, খোদ চৰকাৰেই ৰাজ্যখনৰ সামান্য উপাৰ্জনৰ ১ লাখ ১৪ হাজাৰ ৰন্ধনকৰ্মীক ভাতেমাৰিব খোজা কথাটোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।