NORTHEAST NOW (Assamese)
অসম

অসাৰ সোণোৱালৰ আশ্বাস; নাগৰিকত্ব বিধেয়কক লৈ অসমৰ ৰাইজৰ স্থিতিক বুঢ়া আঙুলি গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

Posted by: এন ই নাও নিউজ May 27, 2018 8:16 pm
rajnath_singh

‘নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill ) জাৰি থাকিবনে নাই সেই লৈ প্ৰশ্নই উঠিব নোৱাৰে’ বুলি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৰা মন্তব্যই অসাৰ প্ৰতিপন্ন কৰিলে ‘অসমৰ ক্ষতি হোৱা কোনো কাম চৰকাৰে নকৰে’ বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক প্ৰদান কৰি অহা আশ্বাস।

‘এই বিধেয়কখন ময়ে আনিছো’ বুলি উল্লেখ কৰি হিন্দী টি ভি চেনেল আজটকৰ এক অনুষ্ঠানত এই কথা ৰাজহুৱাভাৱে ঘোষণা কৰা সিঙে লগতে কয় যে বিধেয়কখনৰ বিৰোধিতা কৰা উত্তৰ-পূবৰ দল-সংগঠনৰ সৈতে কথা পাতি বিধেয়কৰ সপক্ষে ঐকমত্য সৃষ্টিৰ চেষ্টা কৰা হ’ব।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱেও এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে অসমত যিমান প্ৰতিবাদ হ’লেও বিজেপিয়ে ইয়াক গৃ্হীত কৰিবই বুলি অসমতে আহি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল।

তাৰ বিপৰীতে অসম বিজেপিয়েও মুখ্য মন্ত্ৰীৰ আশ্বাসকে দোহাৰি অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতহে দলে এই সন্দৰ্ভত মত প্ৰকাশ কৰিব বুলি ঘোষণা কৰি আহিছিল।

অসমবাসীৰ প্ৰতিবাদলৈ কেন্দ্ৰীয় গৃ্হ মন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাৰ পিছত এতিয়া অসম বিজেপি বা সোণোৱাল চৰকাৰৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।

গৃহ মন্ত্ৰীৰ এই মন্তব্যৰ পিছত বিজেপি চৰকাৰে দেশৰ নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদান কৰিব খোজাৰ বিৰুদ্ধে ধাৰাৱাহিকভাৱে প্ৰতিবাদ কৰি অসম উত্তাল কৰি অহা দল-সংগঠনসমূহৰ প্ৰতিক্ৰিয়াও হ’ব লক্ষণীয়।