NORTHEAST NOW (Assamese)

অস্ত্ৰ তুলি লোৱাৰ হুংকাৰঃ আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীৰ গোচৰ

May 10, 2018 1:59 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়া আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰিছে ডিগবৈ আৰক্ষীয়ে।

মুখ্যতঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত জিতেন দত্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ডিগবৈ আৰক্ষীয়ে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটীত শুনানি লোৱাৰ সময়তে আলোচনাপন্থী অলাফা নেতা জিতেন দত্তই সকীয়নি প্ৰদান কৰি কৈছিল যে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত যদিহে চৰকাৰ নীৰৱ হৈ থাকে তেন্তে তেওঁলোকে যুদ্ধবিৰতি ত্যাগ কৰি পুনৰ সশস্ত্ৰ সংগ্ৰামৰ পথ ল’ব।

আনহাতে একেটা প্ৰসংগতে আলফাৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি জিতেন দত্তই তেওঁলোকক টোপনিৰ পৰা সাৰ পাবলৈ আহ্বান জনাই তীব্ৰ সমালোচনা কৰিছিল। বিষয়টোৱে লগে লগে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ বিতৰ্কৰ।

তাৰ মাজতে ডিগবৈ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আলফা নেতাগৰাকীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। অৱশ্যে এই সন্দৰ্ভত আলফা নেতা জিতেন দত্তৰ প্ৰতিক্ৰিয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

Related News