NORTHEAST NOW (Assamese)

অসৎ উপায় অৱলম্বন কৰাত নগাৱঁত ৭ গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ

February 19, 2018 10:36 pm · এন ই নাও নিউজ
Updated: February 19, 2018 10:37 pm
প্ৰতিনিধিত্বমূলক ছবি

চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি দ্বিতীয় দিনা সাধাৰণ গণিতৰ পৰীক্ষা চলি থকা সময়তে অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত ৭ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়।

প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাত ৰোল-বি১৮-৬১৭ নং-৪০৮ আৰু ৰোল-বি১৮-৬১৭ নং-৪২৯ নম্বৰৰ দুজন ছাত্ৰক বহিষ্কাৰ কৰা হয় বুলি বিদ্যালয়খনৰ অধ্যক্ষই জানিবলৈ দিয়ে।

আনহাতে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাৰ বাবে পাঁচ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয় বুলি উক্ত বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

Related News