NORTHEAST NOW (Assamese)

অহা এমাহৰ ভিতৰত জি এছ ৰ’ড বেদখলমুক্ত কৰা হ’ব: উপায়ুক্ত অংগমুথু

February 20, 2018 8:11 am · এন ই নাও নিউজ

মহানগৰৰ বৰ্ধিত যান-জঁটৰ সমস্যাক নিয়ন্ত্ৰণত অনাৰ উদ্দেশ্যে অহা এমাহৰ ভিতৰত প্ৰথম পদক্ষেপ হিচাপে বেদখলমুক্ত কৰা হ’ব জি এছ ৰ’ড । সোমবাৰে এই কথা ৰাজ্যপাল জগদীশ মুখীক জানিবলৈ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড০ এম অংগমুথুৱে।

লক্ষ্যণীয় যে ৰাজ্যপালগৰাকীয়ে আৱৰ্ত ভৱনত বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি গুৱাহাটীৰ বিভিন্ন চৰকাৰী আঁচনি সমূহৰ বিষয়ে বুজ লয়।

এই সভাতে উপায়ুক্তই বিভিন্ন দীৰ্ঘমাদী আৰু হ্ৰস্বম্যাদী আঁচনিৰ কথা ৰাজ্যপালগৰাকীৰ আগত ব্যক্ত কৰে। ঘাইকৈ যান-জঁটৰ সমস্যা, যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে জৰিমনা বিহা, অনুজ্ঞাপত্ৰ বাতিল কৰা আদি ব্যৱস্থাৰ কথা কয়।

এই ক্ষেত্ৰত ৰাজ্যপালগৰাকীয়ে বেদখলকাৰীৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতিৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে। তদুপৰি পৰ্যায়ক্ৰমে এনে কাম কৰাৰ লগতে এই ক্ষেত্ৰত এক আৰ্হি প্ৰস্তুত কৰিবলৈও কয়।

আনহাতে ৰাজ্যপালগৰাকীয়ে সভাত নাৰেংগীৰ সেনা ছাউনীৰ সেনা বিষয়া, বি এছ এফ, চি আৰ পি এফ, এছ এছ বি আৰু এন ডি আৰ এফৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি জনসাধাৰণৰ বাবে গ্ৰহণ কৰা কল্যাণকামা আঁচনিৰ বুজ লয়।

উল্লেখ্য যে সোমবাৰে ৰাজ্যপাল মুখীয়ে আন এখন বৈঠকত উপস্থিত থাকি মহানগৰৰ জাৱৰ-জোঁথৰ নিষ্কাশন ব্যৱস্থাটোক লৈ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰা দেখা যায়।

উক্ত সভাতে মুখীয়ে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী বিষয়াকে নিজৰ কাৰ্যালয়টো সপ্তাহত এবাৰকৈ পৰিস্কাৰ-পৰিচ্ছন্নৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি উপায়ুক্ত অংগমুথুক মাহত দুবাৰকৈ চাৰি বজাৰ পৰা পাঁচ বজাৰ ভিতৰত চৰকাৰী কাৰ্যালয়সমূহ পৰিদৰ্শন কৰাৰ বাবেও আহ্বান জনায়।

Related News