NORTHEAST NOW (Assamese)

অহা ১৬ জানুৱাৰিত অনুষ্ঠিত হ’ব ছিকিমৰ ৰাজ্যসভাৰ আসনখনৰ নিৰ্বাচন

December 24, 2017 1:25 pm · এন ই নাও নিউজ
Updated: December 24, 2017 3:12 pm

ছিকিমৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে অহা ১৬ জানুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হ’ব। ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সদস্য হিচ্ছে লাছুংপাই অহা বছৰৰ ২৩ ফেব্ৰুৱাৰিত অৱসৰ গ্ৰহণ কৰিব।

ছিকিম ৰাজ্যসভাৰ আসনখনৰ বাবে নিৰ্বাচন দিল্লীৰ খালী হ’ব লগীয়া তিনিখন আসনৰ লগতে একেসময়তে অনুষ্ঠিত হ’ব। অহা মাহতে দিল্লীৰ পৰা নিৰ্বাচিত তিনিগৰাকী ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকালো অন্ত পৰিব।

আনহাতে, একে তাৰিখতে নিৰ্বাচন অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশৰ খালী হৈ থকা এখন আসনৰ বাবে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত মনোহৰ পাৰিকৰে গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আসনখন খালী হৈ আছে। পাৰিকাৰৰ ৰাজ্যসভাৰ কাৰ্যকাল অৱশ্যে ২০২০ চনৰ ২৫ নৱেম্বৰতহে অন্ত পৰিব লগীয়া আছিল।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত তিনিখন ৰাজ্যসভাৰ আসন আছে আৰু সেই তিনিখন বৰ্তমান দখল কৰি আছে কংগ্ৰেছ দলৰ কৰণ সিং, জনাৰ্দন দ্বিবেদী আৰু পাৰভেজ হাছমিয়ে। তেওঁলোকৰ কাৰ্যকাল ২০১৮ ৰ ২৭ জানুৱাৰিত অন্ত পৰিব।

নিৰ্বাচন আয়োগে কৈছে যে দিল্লীৰ আসন তিনিখন তিনিটা সুকীয়া নিৰ্বাচনৰ যোগেদি পূৰণ কৰা হ’ব কিয়নো এই আসনকেইখন তিনিটা ভিন্ন বলয়ত পৰে যিটো ১৯৫২ চনৰ ৰাজ্যসভাৰ প্ৰাথমিক সংবিধান প্ৰণয়নৰ সময়ত নিৰ্দ্ধাৰণ কৰা হৈছিল।

আয়োগে কৈছে যে ১৯৯৪ চনত দিল্লী উচ্চ ন্যায়ালয়ে এই তিনিখন আসনৰ নিৰ্বাচন সুকীয়াকৈ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি দাখিল কৰা এখন আবেদন খাৰিজ কৰিছিল।

দিল্লীৰ তিনিখন আৰু ছিকিম আৰু উত্তৰ প্ৰদেশৰ একোখনকৈ ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ জাননী অহা ২৯ ডিচেম্বৰত জাৰি কৰা হ’ব।

নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ হ’ব ৫ জানুৱাৰি। ইয়াৰ পৰৱৰ্তী দিনটোত মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ হ’ব ৮ জানুৱাৰি। ভোটদান আৰু ভোটগননা তথা ফলাফলৰ বাবে ১৬ জানুৱাৰি নিৰ্দ্ধাৰণ কৰা হৈছে।

Related News