NORTHEAST NOW (Assamese)

অহা ২৪-২৫ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন উইকেণ্ড

January 27, 2018 2:31 pm · এন ই নাও নিউজ

নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন উইকেণ্ডৰ তৃতীয় সংস্কৰণৰ বাবে সাজু হৈছে গুৱাহাটী। অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰিত গুৱাহাটীৰ আজাৰাস্থিত কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত এই মেগা ফেশ্বন ইভেণ্টখন অনুষ্ঠিত হ’ব।

প্ৰথম দুটা সংস্কৰণ সফলতাৰে পাৰ কৰাৰ পিছত তৃতীয় সংস্কৰণটোৰ ফেশ্বন উইকত উত্তৰ-পূব তথা প্ৰতিৱেশী ৰাষ্ট্ৰৰ প্ৰতিভাসম্পন্ন তথা শীৰ্ষ পৰ্যায়ৰ মডেল তথা ডিজাইনাৰসকলে অংশগ্ৰহণ কৰিব।

ফেশ্বন উইকৰ উদ্যোক্তাই জানিব দিয়া অনুসৰি তৃতীয় সংস্কৰণত উত্তৰ-পূবৰ হস্ততাঁত বস্ত্ৰশিল্পক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰমোচন কৰাৰ কাৰণে ব্যাপক পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট ফেশ্বন উইকত শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু ভূটানৰ উচ্চ পৰ্যায়ৰ বিভিন্ন মডেল আৰু ডিজাইনাৰে অংশগ্ৰহণ কৰিব।

দুদিনীয়া কাৰ্যসূচীৰে চলিব লগা ফেশ্বন উইকত ৫০০০ হেজাৰ লোকৰ সমাৱেশ ঘটিব বুলি আয়োজকসকলে জানিবলৈ দিছে।

ফেশ্বন জগতত নতুনকৈ খোজ পেলোৱা ডিজাইনৰ বাবে অনাগত সময়ত দেশৰ প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ সকলৰ দ্বাৰা এখন উচ্চ পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰাৰ কথাও উদ্যোক্তাই জানিবলৈ দিয়ে। এই কৰ্মশালতে প্ৰতিষ্ঠিত ডিজাইনাৰ সকলৰ সৈতে উদিয়মান ডিজাইনাৰ সকলে প্ৰত্যক্ষভাবে মত বিনিময় কৰিব পাৰিব।

Related News