NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ কুণ্ডিল নৈত বাগৰিল সেনাৰ গাড়ী : দুজন জোৱান নিহত আৰু এজন সন্ধানহীন

Posted by: অভিক চক্ৰৱৰ্তী April 22, 2018 6:00 pm
itbp

অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকাৰ কুণ্ডিল নদীত আজি এখন সেনাৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত কৰুণভাৱে দুজন জোৱানে মৃত্যুক আকোৱালি লোৱাৰ লগতে এতিয়াও নৈৰ বুকুত এজন জোৱান সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

সেনাৰ এক শুত্ৰই জনোৱা অনুসৰি তিনিচুকিয়া জিলাৰ শদিয়াৰ চাপাখোৱাস্থিত মাদ্ৰাছ ৰেজিমেণ্ট টেৰিটৰিয়েল আৰ্মীৰ এটা ১৮ জনীয়া দলে নিয়মীয়া অভিযানৰ বাবে যোৱা সময়তে প্ৰায় ২.৩০ মান বজাত ইদুলী আৰু কাবাং জিলাৰ মাজৰ উক্ত নদীখনত দুৰ্ঘটনাটো সংঘটিত হয়।

‘সতীৰ্থ সৈনিকৰ তৎপৰতাতে নদীখনৰ পৰা ১৫জন জোৱানক নিৰাপদে উদ্ধাৰ কৰা হয়। অৰুণাচল প্ৰদেশৰ ৰ’য়িং আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ এই উদ্ধাৰ অভিযান প্ৰক্ৰিয়াত আগ ভাগ লয়। দুৰ্ঘটনাটোত আঘাত হোৱা চাৰিজন জোৱানক চিকিৎসাৰ বাবে চাপাখোৱা ফাৰ্ষ্ট ৰেফাৰেল য়ুনিটলৈ প্ৰেৰণ কৰা হয়’ বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আনহাতে সন্ধানহীন জোৱানজনৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি ৰ’য়িঙৰ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰ ছেইনে জনায়। দৈমুখৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ ১২ নম্বৰ বেটেলিয়নৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ জোৱানজনৰ সন্ধানত অভিযান চলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে আমালৈ বাতৰি অহা পৰ্যন্ত মৃত জোৱান দুজন আৰু সন্ধানহীন জোৱানজনৰ পৰিচয় লাভ কৰিব পৰা নাই।