NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ ছাত্ৰ-ছাত্ৰী সকলক সকলো সা-সুবিধা দিয়া হ’ব: প্ৰকাশ জাভেডেকাৰ

Posted by: এন ই নাও নিউজ December 23, 2017 9:21 am
অৰুণাচলৰ ছাত্ৰ-ছাত্ৰী সকলক সকলো সা-সুবিধা দিয়া হ’ব: প্ৰকাশ জাভেডেকাৰ

অৰুণাচল প্ৰদেশৰ বিভিন্ন ইউনিভাৰ্চিটি তথা শিক্ষানুষ্ঠান প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলক সকলো ধৰণৰ সা-সুবিধা প্ৰদানৰ আশ্বাস প্ৰদান কৰে ভাৰতৰ কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী প্ৰকাশ জাভেডেকাৰে। দিল্লীত শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰাৰ লগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হৈ এই কথা সদৰী কৰে। অৰুণাচলৰ উচ্চ শিক্ষা খণ্ডৰ কিদৰে উন্নয়ন তথা শক্তিশালী কৰিব পাৰি সেই বিষয়ে ৰাজ্যপাল গৰাকীৰ সৈতে বিস্তৃত আলোচনা কৰে।

নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী শিক্ষানুষ্ঠানত ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাত ৰাজ্যপাল ড০ মিশ্ৰাই উদ্বেগ প্ৰকাশ কৰে আৰু প্ৰতিষ্ঠানটোত অতি শীঘ্ৰে এজন ডিৰেক্টৰ নিয়োগ কৰিবলৈ মন্ত্ৰীগৰাকীৰ ওচৰত অনুৰোধ জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ডিৰেক্টৰ নিয়োগ সন্দৰ্ভত তাৎক্ষণিক ভাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনায়।

অৰুণাচল প্ৰদেশত কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ কি দৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে। সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানতে যোগ্য শিক্ষকৰ নিযুক্তি, ভাল শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ বাবে দৃঢ় সংকল্প লয়।

আনহাতে ব্যক্তিগত বিশ্ববিদ্যালয় সমূহক পৰ্যবেক্ষন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন নীতি-নিৰ্দেশনা অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।