NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ দুটা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

Posted by: এন ই নাও নিউজ ব্যুৰো, ইটানগৰ : November 24, 2017 11:58 am

অৰুণাচল প্ৰদেশৰ পাকী-কাচাং (এছ টি) আৰু লিকাবালি (এছ টি) বিধান সভা আসনৰ বাবে হ’ব লগীয়া উপ-নিৰ্বাচন অহা ডিচেম্বৰৰ ২১ তাৰিখে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ উক্ত সমষ্টি দুটাৰ লগতে তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰো উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে। নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে উপ-নিৰ্বাচন সম্পন্ন হ’ব লগীয়া সমষ্টিকেইটাৰ জিলাকেইখনত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ আৰ্হি আচৰণ বিধি কাৰ্য্যকৰী হ’ব। ২১ ডিচেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ২৪ ডিচেম্বৰত ঘোষণা কৰা হ’ব। ইয়াৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ধাৰ্য্য কৰা হৈছে ৪ ডিচেম্বৰ। নিৰ্বাচন আয়োগে উক্ত উপ-নিৰ্বাচনত ই ভি এম আৰু ভি ভি পি এ টি ব্যৱহাৰ হ’ব বুলি জনাইছে। তাৰ বাবে পৰ্য্যাপ্ত সংখ্যক ই ভি এম আৰু ভি ভি পি এ টিৰ ব্যৱস্থা কৰা হৈছে আৰু নিৰ্বাচন যাতে সুকলমে সম্পন্ন হৈ যায় তাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে ভোটদানৰ সময়ত ভোটাৰৰ ফটো পৰিচয় পত্ৰ থকাটো পূৰ্বৰ দৰেই বাধ্যতামূলক থাকিব। ভোটাৰৰ পৰিচয়ৰ ক্ষেত্ৰত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ প্ৰধান ডকুমেণ্ট হ’ব বুলি কয়। অৱশ্যে ঘোষণাটোত লগতে কোৱা হয় যে ভোটাৰ তালিকাত নাম থকা কোনো যাতে ভোটদানৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ ৰখা হ’ব আৰু ভোটাৰৰ পৰিচয় নিশ্চিতকৰণৰ বাবে ওপৰঞ্চি কি কি ডকুমেণ্ট গ্ৰহণযোগ্য বিবেচনা কৰা হ’ব সেই বিষয়ে নিৰ্দেশনা জাৰি কৰা হ’ব।