NORTHEAST NOW (Assamese)
অসম

লাচিত দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰৰ নলতলিত বৃক্ষৰোপণ কাৰ্য্যসূচী

Posted by: ৰমণী শৰ্মা, কলিয়াবৰ: November 24, 2017 12:11 pm

আজি লাচিত দিৱস, সেই উপলক্ষে AJYCP কলিয়াবৰ শাখা আৰু নলতলি ধৰমপুৰ শাখাৰ উদ্যোগত আয়োজন কৰা হয় বৃক্ষৰোপন কাৰ্য্যসূচী। পৰিবেশ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি নলতলিৰ পৰা আমবাগান সংযোগী পথৰ কাষে কাষে ১০০ ৰো অধিক গছপুলি ৰোপন কৰে।

উক্ত অনুষ্ঠানত অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোককে ধৰি বহুতো লোকে অংশগ্ৰহণ কৰে। যন্ত্ৰণা পীড়িত সমাজত গছে যন্ত্ৰণা নিৰাময় তথা প্ৰশান্তি প্ৰদান কৰে, সেই উদ্দেশ্যে লাচিত দিৱসৰ এই পৱিত্ৰ ক্ষণটিত বৃক্ষৰোপন কাৰ্য্যসূচী হাতত ৰাখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ শাখাই।