NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়াক উচ্ছেদ কৰি আদানীক মাটি গতোৱাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ : পলাশবাৰীত আদানীগোষ্ঠীৰ বিৰুদ্ধে প্ৰতিবাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2025 2:48 pm

খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি আদানী গোষ্ঠীক ভূমি হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে জাতি-মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে। পলাশবাৰী সমষ্টিৰ দৰিদ্ৰ, ভূমি পট্টাহীন খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি সেই মাটি আদানীগোষ্ঠীক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বৰদুৱাৰ বাগান ভূমি পটা দাবী সমিতিৰ উদ্যোগত বুধবাৰে নাৰায়ণপুৰৰ পিয়োবাৰী কণা মতকাত এখন বৃহৎ ৰাজহুৱা প্রতিবাদী সভা অনুষ্ঠিত হয়।

প্ৰতিবাদী সভাত উপস্থিত ৰাইজে এই অঞ্চলটোৰ খিলঞ্জীয়াৰ ভূমি বণিক গোষ্ঠীক গতাই দিয়া নহব বুলি চৰকাৰক সকীয়াই দিয়ে।