NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত উন্মোচন চিকিৎসক ডাঃ অমল শইকীয়াৰ ‘ডাক্তৰ আৰু বাম ডাক্তৰ’

Posted by: কাজী জেইদুল ইছলাম May 20, 2018 8:28 pm
biswanath chariali assam

বিশ্বনাথ চাৰিআলিৰ অগ্ৰণী সাহিত্যানুষ্ঠান জোনাকী চ’ৰাৰ উদ্যোগত বিশ্বনাথৰ  চিকিৎসক, বিশ্বনাথ চহৰৰ কে পি মে’মৰিয়েল নাৰ্ছিং হ’মৰ স্বত্বাধিকাৰী ডা: অমল শইকীয়াৰ ডাক্তৰ আৰু বাম ডাক্তৰ  গ্ৰন্থখন আজি ২০ মে’ত উন্মোচন কৰা হয়।

বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট শিক্ষাবিদ প্ৰবীণ শইকীয়াই গ্ৰন্থখন উন্মোচন কৰি ব্যঙ্গ সাহিত্য আৰু আজিৰ বিজ্ঞানৰ যুগত সাধাৰণ লোকৰ মাজত প্ৰচলিত ডাইনী প্ৰথা, অন্ধ বিশ্বাসৰ কথা উল্লেখ কৰি উন্মোচিত গ্ৰন্থখনৰ কিছু সাৰাংশ দাঙি ধৰে।

বীনাপাণি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী  সভাত সভাপতিত্ব কৰে জোনাকী চ’ৰাৰ সভাপতি, বিশিষ্ট নাট্যকাৰ, প্ৰবীণ সাংবাদিক তৰুণ শইকীয়াই।

জোনাকী চ’ৰাৰ সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্য্যই আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডo অঞ্জন কুমাৰ ওজাই চিকিৎসা বৃত্তি আৰু সাহিত্য চৰ্চা বিষয়ৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।

ইয়াৰ পিচতে অজিত হাজৰিকাই এটি কবিতা পাঠ কৰে আৰু তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় অধ্যক্ষা তথা আকাশবাণী ডিব্ৰুগড়ৰ শিল্পী ডাঃ ৰিণী দুৱৰাই এটি গীত পৰিবেশন কৰে।