NORTHEAST NOW (Assamese)
অসম

উন্নত প্ৰশিক্ষণৰ বাবে ইটালিলৈ যোৱা ভাৰতীয় বক্সিং দলত লাভলিনা বৰগোহাঁই

Posted by: এন ই নাও নিউজ May 20, 2018 8:42 pm
boxer lovlina borgohain

এছিয়ান গেইমছ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰাৰ লক্ষ্য আগত ৰাখিয়েই অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই, মণিপুৰৰ এমচি মেৰীকম সহ আন আন মহিলা বক্সাৰসকল প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে শুকুৰবাৰে নিশা ৰাওনা হৈছে ইটালিলৈ ।

ভাৰতীয় বক্সাৰৰ দলটোৱে প্ৰস্তুতি শিবিৰত অংশ লোৱাৰ উপৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশ ল’ব বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা যায়।

উল্লেখ্য যে অসম বক্সিং এছ’চিয়েশ্যনৰ সম্পাদক তথা বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ কোষাধ্যক্ষ হেমন্ত কলিতাই এই প্ৰসংগত জানিবলৈ দি কয় যে এছিয়ান গেইমছৰ সম্ভাব্য পুৰুষ আৰু মহিলা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সহায় হোৱাৰ উদ্দেশ্যে বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াই য়ুৰোপত এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে ভাৰতীয় মহিলা বক্সিং দলটোৱে ইটালিৰ অ’লিম্পিক পাৰফৰ্মেন্স ট্ৰেইনিং চেণ্টাৰত ফিনলেণ্ড, ৰোমানিয়া, ইটালি আৰু মন্টেনেগ্ৰোৰ আগশাৰীৰ বক্সাৰসকলৰ লগত প্ৰশিক্ষণ গ্ৰহণ কৰিব।