NORTHEAST NOW (Assamese)
অসম

ৰঞ্জন দৈমাৰী ক’ভিড পজিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 10, 2020 8:14 pm
Ranjan Daimary tests positive for COVID-19

এন ডি এফ বিৰ প্ৰাক্তন মুৰব্বী ৰঞ্জন দৈমাৰী শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ৪ জুলাইত তেওঁ স্বাব নমুনা সংগ্ৰহ কৰা হৈছিল।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ অৱস্থাতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত হৈছে।

স্বাব সংগ্ৰহৰ পূৰ্বে তেওঁ জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈছিল।

আজি বিয়লি ভাগত তেওঁৰ পজিটিভ ৰিজাল্ট আহে বুলি জনায় জেইলৰ মহাপৰিদৰ্শক দশৰথ দাসে।

তেওঁ বৰ্তমান মহেন্দ্ৰ মোহন চিকিৎসালয়ত থকা বুলি দাসে জনায়। কিছু সময় পাছতে চিকিৎসাৰ বাবে তেওঁক GMCHলৈ অনা হ’ব বুলি তেওঁ জনায়।

ইপিনে, দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই জনোৱা মতে দৈমাৰীক প্ৰথমে জাগীৰোডৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও বিচনাৰ অভাৱত পুনৰ গুৱাহাটীলৈ ঘূৰাই অনা হয়।

অৱশ্যে, বৰ্তমান দৈমাৰীক ক’ত ৰাখিছে সেই বিষয়ে জ্ঞাত নহয় অধিবক্তা শৰণীয়া।

ইপিনে, জেল কৰ্তৃপক্ষই দৈমাৰীক জাগীৰোডলৈ নিয়া কথাটো অস্বীকাৰ কৰে।