NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰত BRAWFED ৰ উদ্যোগত নেশ্যনেল হেণ্ডলুম এক্সপ’

Posted by: এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ : November 24, 2017 12:35 pm

আজিৰ পৰা কোকৰাঝাৰৰ ৰাজমেলা খেলপথাৰত BRAWFED ৰ উদ্যোগত নেশ্যনেল হেণ্ডলুম এক্সপ’ ২০১৭-১৮ আৰম্ভ হৈছে। মেলাখনত ৫০ টাৰো অধিক বিপণি হোৱা বুলি জানিব পৰা গৈছে। ইয়াত কেইবাখনো ৰাজ্যৰ বিপণিয়ে ভাগ লোৱাৰ লগতে চুবুৰীয়া দেশ ভূটানৰ বিপণিয়েও অংশগ্ৰহণ কৰিছে। ১৪ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া এই মেলাখন আজি উদ্বোধন কৰে  মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিচিৰ জলসিঞ্চন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই। শ্ৰীযুত ব্ৰহ্মই তেওঁৰ উদ্বোধনী ভাষণত কয় যে বিটিচি সকলো দিশতে আৰু সকলো স্তৰতে উন্নতি কৰিবলৈ সক্ষম হৈছে। বড়ো মহিলাসকলে কাপোৰ বোৱাৰ পৰম্পৰা ধৰি ৰাখি বৰো সমাজৰ পৰম্পৰাগত সাজপাৰক সজীৱ কৰি ৰাখিছে বুলি তেওঁ লগতে কয় । আনহাতে তেওঁ বাবা ৰামদেৱে অলপতে কোকৰাঝাৰত যোগ শিবিৰ অনুষ্ঠিত কৰি এৰী সূতা আৰু কাপোৰক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যাম বুলি কোৱা মন্তব্যকো শলাগে। তেওঁ শিপিনীসকলক তেওঁলোকে বৈ উলিওৱা কাপোৰ এই এক্সপ’খনত বিক্ৰী কৰিবলৈ আনিবলৈ আহ্বান জনায়। আনহাতে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্য দেৱেন বৰো, নগৰ উন্নয়ন বিভাগৰ দনেশ্বৰ গয়াৰীয়েও তেওঁলোকৰ বক্তব্য দাঙি ধৰে।