NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলক শুভেচ্ছা জনাই কেজৰিৱালৰ “অনুৰোধ”ৰ ফান্দত মোদী

Posted by: এন ই নাও নিউজ February 20, 2019 9:40 pm
Congratulating Arunachal Pradesh on 'Statehood Day', Modi faces Kejriwal's 'request'

“ৰাজ্যপ্ৰাপ্তি দিৱস” (Statehood Day)ত অৰুণাচল প্ৰদেশক শুভেচ্ছা জনাই দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ “অনুৰোধ”ৰ ফান্দত পৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

মোদীৰ শুভেচ্ছামূলক টুইটৰ পিছতে বুধবাৰে দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্য্যাদা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰধান মন্ত্ৰীক সোঁৱৰাই দিছে মুখ্য মন্ত্ৰীজনে।

“ছাৰ। দিল্লীও ইয়াৰ ষ্টে’টহুদ দে’ৰ অপেক্ষাত আছে। আপুনি দিল্লীবাসীক প্ৰতিশ্ৰুতি দিছিল যে আপুনি দিল্লীক পূৰ্ণাংগ ৰাজ্যৰ মৰ্য্যাদা দিব। দয়া কৰি এইটো কৰক। দিল্লীবাসীয়ে এতিয়ালৈকে ৭০ বছৰ অন্যায়ৰ মুখামুখি হৈ আহিছে,” পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই প্ৰধান মন্ত্ৰী মোদীলৈ টুইট কেজৰিৱালৰ।

বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্দ্ধনকে ধৰি বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই এই সন্দৰ্ভত বিভিন্ন সময়ত দিয়া প্ৰতিশ্ৰুতিৰ ভিডিঅ’সমূহো ৰাজহুৱা কৰিছে মুখ্য মন্ত্ৰী কেজৰিৱালৰ লগতে শাসকীয় দল আম আদমি পাৰ্তিয়ে।

বুধবাৰে উত্তৰ-পূবৰ দুই ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মিজোৰামে ৩৩সংখ্যক ৰাজ্যপ্ৰাপ্তি দিৱস উদযাপন কৰিছে।