NORTHEAST NOW (Assamese)
অসম

এনটিপিচি বঙাইগাঁৱৰ দ্বাৰা ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন

Posted by: ৰিনয় বসুমতাৰী August 15, 2018 9:02 pm
IMG_6744

সমগ্ৰ দেশৰ লগতে এনটিপিচি বঙাইগাঁৱে উদযাপন কৰিছে ৭২ সংখ্যক স্বাধীনতা দিৱস । এনটিপিচি বঙাইগাঁও মুখ্য মহা প্ৰৱন্ধক শ্ৰী দীপাংকৰ দাসে ত্ৰিৰংগ পতাকা  উত্তোলন কৰে আৰু কৰ্মচাৰীসকল আৰু সহকৰ্মীসকলক সম্বোধন কৰি বক্তৃতা প্ৰদান কৰে।

এই অনুষ্ঠানত এনটিপিচি বঙাইগাঁৱৰ নিকটৱৰ্তী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু আইটিআইৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।এনটিপিচিয়ে  নৱম আৰু দশম মানৰ আৰু আইআইটিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক এনটিপিচি উৎকৰ্ষ মেৰিট স্কলাৰশ্বিপ প্ৰদান কৰে। এই বঁটাৰ সৈতে নৱম আৰু দশম মানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৩০০০ টকা আৰু আইআইটিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০০ টকা প্ৰদান কৰা হৈছে। ছালাকাটিৰ বাল ভৱন, নটৰ ডাম একাডেমী অংকুৰ শ্ৰেণীৰ শিশুসকলে এটা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

এনটিপিচি বঙাইগাঁও মুখ্য মহা প্ৰৱন্ধক শ্ৰী দীপাংকৰ দাস, বাৰদৈ শিখলা লেডিজ ক্লাবৰ সভানেত্ৰী কেয়া বোস, জিএম (ও এণ্ড এম) শ্ৰী ৰাকেশ কুমাৰ, জিএম (ইএমডি)  শ্ৰী জয়ন্ত ভট্টাচাৰ্য, জিএম (এমই) শ্ৰী এছকে চৌধুৰী আৰু চিআইএছএফৰ কামাণ্ডেণ্টো এই অনুষ্ঠানত উপস্থিত আছিল।