NORTHEAST NOW (Assamese)
অসম

অকলে গাত জোৰ নাই : মিত্ৰতা বিজেপিৰ লগত নে কংগ্ৰেছৰ লগত হ’ব সিদ্ধান্ত নহ’ল অগপৰ কাৰ্য্যনিৰ্বাহকৰ সভাত

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 20, 2019 9:47 pm

আজি আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এখন কাৰ্য্যনিৰ্বাহক সভাত অসমৰ একমাত্ৰ আঞ্চলিক দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত কাৰ লগত মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব সেই সন্দৰ্ভত কোনো স্থায়ী সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে।

দলৰ এক আভ্যন্তৰীণ সূত্ৰৰ পৰা জানিব পৰা মতে অগপৰ এটা পক্ষই এতিয়াও বিজেপিৰ লগত মিত্ৰতা কৰাৰ পক্ষত আছে আনহাতে এটা পক্ষই মহাগতবন্ধনৰ অংশীদ্বাৰ স্বৰূপে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত অগপ অকলে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট কম যদিও সেই সম্ভাৱনাক সম্পূৰ্ণৰূপে নাকচ কৰা নাই দলৰ সাধাৰণ সম্পাদক কমলাকান্ত কলিতাই।

আগন্তুক লোকসভাৰ বাবে নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবলৈ গঠন কৰি দিয়া কমিতিৰ ওপৰতে মিত্ৰতাৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে আজিৰ সভাই দায়িত্ব অৰ্পন কৰিছে বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে কমলাকান্ত কলিতাই।

উল্লেখযোগ্য যে, ৰণনীতি তৈয়াৰ কৰাৰ বাবে গঠিত দলটোত সভাপতি অতুল বৰাৰ নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্তকে ধৰি কেইবাজনে জেষ্ঠ নেতা অন্তৰ্ভুক্ত আছে।

ইফালে আজিৰ এই কাৰ্য্যনিৰ্বাহক সভাতে অগপই ভূপেন ৰায়ক সভাপতি আৰু বিধায়ক পবিন্দ্ৰ ডেকাক আহ্বায়ক হিচাপে লৈ লোকসভা নিৰ্বাচনৰ বাবে এখন আহ্বায়ক সমিতি গঠন কৰে।

চাৰিঘণ্টাজোৰা সভাখনত সভাপতি অতুল বৰা, সাধাৰণ সম্পাদক কমলাকান্ত কলিতা, কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীকে ধৰি দলৰ সকলো আগশাৰীৰ নেতা উপস্থিত আছিল।