NORTHEAST NOW (Assamese)

অৰুণাচলৰ ডিৰাঙত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ৪৫ খনতকৈও অধিক দোকান আৰু বাসগৃ্হ

January 28, 2018 6:16 pm · প্ৰণৱ কুমাৰ দাস
Updated: January 28, 2018 6:26 pm
ডিৰাঙৰ অগ্নিকাণ্ড

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত ৪৫ খনতকৈও অধিক বাসগৃহ আৰু দোকান জাহ গৈছে।

অৱশ্যে অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ইণ্ড’ তিবেটান ব’ৰ্ডাৰ পুলিচ আৰু এচ এচ বিৰ জোৱানসকলে মিলি কালি সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ পৰা বহু সংখ্যক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

আই টি বি পিৰ জোৱানসকলে জুইকুৰাৰ পৰা ১০০ গৰাকীত্কৈও অধিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিভাগীয় সূত্ৰই সদৰী কৰা মতে অসংখ্য দোকান আৰু বাসগৃ্হেৰে ভৰা এটা ঠেক গলিত লগা বিধ্বংসী জুইকুৰা এঘণ্টাৰ ভিতৰতে পথটোৰ দু্য়োফালে বিয়পি পৰে।

অগ্নিকাণ্ডটোৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উদ্ধাৰকাৰ্য্যত জিলা প্ৰশাসনেও সহযোগিতা আগবঢ়ায়।

Related News