NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী মুৰি লিনগিক অভিনন্দন পেমা খাণ্ডু-বি ডি মিশ্ৰৰ

Posted by: প্ৰণৱ কুমাৰ দাস May 17, 2018 8:53 pm
Muri

অৰুণাচল প্ৰদেশৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী হিচাপে সু উচ্চ এভাৰেষ্ট শৃংগ জয় কৰি সমগ্ৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰয়িঙৰ বাসিন্দা মুৰি লিনগিক অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

‘যদি তুমি মনত পুহি ৰখা সপোন বাস্তৱত ৰূপায়ন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ তেন্তে কোনো কাৰণতে বয়স আৰু পৰিস্থিতি বাধা হৈ থিয় দিব নোৱাৰে। চাৰিগৰাকী ছোৱালীৰ মাতৃ মুৰি লিনগি (৪০)য়ে যোৱা ১৪ মে’ত সু উচ্চ এভাৰেষ্ট শৃংগ জয় কৰি পুনৰ এবাৰ তাকেই প্ৰমাণ কৰিলে।‘ পৰ্বতাৰোহীজনক অভিনন্দন জ্ঞাপন কৰি মুখ্য মন্ত্ৰী খাণ্ডুৱে এইদৰে কয়।

তেওঁ আৰু কয়, ‘লিনগিয়ে আমাক গৌৰৱাণ্বিত কৰিছে। তেওঁ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেটী বাচাও বেটী পঢ়াওৰো বাৰ্তা কঢ়িয়াই লৈ যাবলৈ সক্ষম হৈছে। তেওঁ ভৱিষ্যতে যাতে আৰু অধিক সফলতা লাভ কৰে তাৰ বাবে মই শুভেচ্ছা প্ৰদান কৰিছো।‘

আনহাতে এভাৰেষ্ট জয় কৰি অৰুণাচল তথা ভাৰতবাসীক গৌৰৱাণ্বিত কৰা মুৰি লিনগিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই।

‘তুমি প্ৰমাণ কৰি দিলা যে দেশৰ অন্য প্ৰান্ততকৈ অৰুণাচলৰ ছোৱালীসকল বেছি শক্তিশালী, সাহসী তথা মেধাৱী। তোমাৰ এই সফলতা অৰুণাচলৰ জীয়ৰী সকলৰ বাবে প্ৰেৰণা তথা আদৰ্শ হৈ ৰ’ব।‘ এনেদৰে ৰাজ্যপাল মিশ্ৰই মুৰি লিনগিক শুভেচ্ছা জ্ঞাপন কৰে।