NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰই ভিডিঅ’ কনফাৰেন্স যোগে আলোচনাত মিলিত হ’ল উপায়ুক্ত সকলৰ লগত

Posted by: এন ই নাও নিউজ December 31, 2017 9:45 am

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰই ৰাজ্যখনৰ উপায়ুক্ত সমূহৰ লগত নেশ্যনেল ফ্লেগশ্বীপ কাৰ্যসূচী ৰুপায়ন সম্পৰ্কে বুজ ল’বলৈ শণিবাৰে ইটানগৰ ৰাজভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্স কৰে। এই কথা-বাৰ্তাত ৰাজ্যপালগৰাকীয়ে উপায়ুক্ত সকলে প্ৰতিনিধিত্ব কৰা নিজৰ নিজৰ জিলা সমূহৰ উন্নয়ন সাধনৰ বাবে কাম কৰিবলৈ অনুৰোধ জনায়।

শিক্ষা, স্বাস্থ্য আদি খণ্ডত যাতে গাঁও সমূহৰ সকলো লোকে সুবিধা লাভ কৰে তাৰ বাবে ৰাজ্যপাল গৰাকীয়ে উপায়ুক্ত সকলক তদাৰক কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি সীমান্ত অঞ্চলত থকা গাঁও সমূহক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

এই মত বিনিময় অনুষ্ঠানতে ৰাজ্যপালগৰাকীয়ে সীমান্ত অঞ্চলৰ গাঁও সমূহৰ ভূমি পৰীক্ষা কৰি সেই অঞ্চলৰ লোকসকল অৰ্থনৈতিক ভাবে স্বাবলম্বী হোৱাৰ বাবে বিভিন্ন বাদামৰ খেতি কৰাৰ বাবেও পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

আনহাতে ৰাজ্যৰ যুৱক সকলক ভাৰতীয় সেনাত ভৰ্তিৰ লক্ষ্যৰে আগতীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবেও ৰাজ্যপাল মিশ্ৰই উপায়ুক্তসকলক আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যপালগৰাকীৰ এই আহ্বানৰ পূৰ্বে ৰাজ্যখনৰ দুখন জিলাত আগতীয়া প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা-চৰ্চা কৰিছিল যদিও কিন্তু এতিয়া সকলো জিলাতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

এই মত বিনিময় অনুষ্ঠানৰ শেষত জিলা উপায়ুক্ত সকলে ৰাইজৰ সকলো আশা আকাংক্ষা পূৰণ কৰিব বুলি ৰাজ্যপালগৰাকীৰ ওচৰত আশ্বাস প্ৰদান কৰে।