NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ তথ্য আয়ুক্তৰূপে শপত গ্ৰহণ অধিবক্তা গ’তে এতেৰ

Posted by: প্ৰণৱ কুমাৰ দাস May 16, 2018 6:51 pm
Ete Sworn-in as State Information Commissioner Arunachal Pradesh

অধিবক্তা গ’ত’ এতেই অৰুণাচল প্ৰদেশৰ তথ্য আয়ুক্ত ( Information Commissioner of Arunachal Pradesh ) হিচাপে ১৬ মে’ত ইটানগৰৰ ৰাজ ভৱনত শপত গ্ৰহণ কৰিছে।

তথ্য জনাৰ অধিকাৰ আইন ২০০৫ (২০০৫ চনৰ ২২ নং)ৰ ১৫ (৩) ধাৰাৰ অধীনত পোৱা ক্ষমতাৰ প্ৰয়োগ কৰি অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত সমিতিৰ পৰামৰ্শাৱলীৰ আধাৰত ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) ডঃ বি দি মিশ্ৰই গ’ত’ এতেক নিযুক্তি দি শপতবাক্য পাঠ কৰোৱায়।

শপতগ্ৰহণ অনুষ্ঠানত আন আন অভ্যাগতৰ লগতে ৰাজ্যপাল-পত্নী নীলম মিশ্ৰ, সংসদীয় সচিব (ক্ৰীড়া) নিয়ামাৰ কাৰ্বাক, মুখ্য সচিব সত্য গোপাল, ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ডঃ জ’ৰাম বেগি, তথ্য আয়ুক্তদ্বয় এব্ৰাহাম কে তেচি আৰু মাইথেম লিংগিও উপস্থিত আছিল।