NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ জীৱন গাথা; দুটা বিকল কিডনী লৈ অসহায় হৈ পৰিছে দুটি সন্তানৰ পিতৃ

Posted by: মিটু খাটনিয়াৰ August 24, 2018 1:27 pm
Screenshot_20180824-123256_Video Player

নামনি মাজুলীৰ পহুমৰা গাঁৱৰ অনিল হাজৰিকাৰ পুত্ৰ তথা দুটি সন্তানৰ পিতৃ ৰাতুল হাজৰিকাৰ দুয়োটা কিডনী বিকল হৈ পৰিছে। পিতৃৰ এই অসুখত কনমানি সন্তানদ্বয় ৰিকি আৰু সংগীতাৰ ভৱিষ্যত এতিয়া অন্ধকাৰে চানি ধৰিছে।

প্ৰায় ৩২ বছৰীয়া ৰাতুলৰ ঘৰত আছে পত্নী আৰু বৃদ্ধ পিতৃ। দিন হাজিৰা কৰি পোহপাল দি থকা ৰাতুলৰ এই দুৰাৰোগ্য ৰোগ ধৰা পৰাৰ পাছৰে পৰা দিক বিদিক হেৰুৱাই পেলাইছে দৰিদ্ৰ পৰিয়ালটোৱে। কান্দি কান্দি কনমানি কেইটাৰ মুখৰ মাত হেৰাই গৈছে। এটাই কথা দেউতাকক ভাল কৰি আনি দিয়ক।

ইফালে পুত্ৰৰ এনে অৱস্থাত অসহায় পিতৃৰ চকুত চকুলোৰে বাট নেদেখা এক অবৰ্ণনীয় অৱস্থা। ২৮ তাৰিখে ৰাতুলক পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিবৰ বাবে ডাক্তৰে পৰামৰ্শ দিছে কিন্তু ঘৰত এটকাও নথকাৰ বাবে কান্দি কান্দি ভাগৰি পৰিছে পৰিয়ালৰ আটাইকেইজন সদস্য।

এতিয়া পৰিয়ালটোৰ আকুল আহ্বান অসম বাসী ৰাইজৰ ওচৰত, সকলোৱে যেন অলপ সহায়ৰ হাত আগবঢ়ায়।  কোনো হৃদয়বান লোকে যদিহে ৰাতুলক সহায় কৰিব বিচাৰে তেনেহলে তেওঁৰ পিতৃৰ বেংক একাউণ্টত আৰ্থিক সাহায্য দিব পাৰিব।

তলত সকলো তথ্য আগবঢ়োৱা হ’ল।

ঠিকনা :  নামনি বালিচাপৰি পহুমৰা গাঁও। বেংকৰ নাম : অসম গ্ৰামীণ বিকাশ বেংক গড়মূৰ। একাউন্টৰ গৰাকী: অনিল হাজৰিকা ( পিতৃ)।

একাউণ্ট নং : 7201029000394

IFSC CODE : UTBIORRBAGB

ফোন নং: 8402921233