NORTHEAST NOW (Assamese)
অসম

চোৰাং চিকাৰীৰ নতুন কৌশল; ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হত্যা নকৰাকৈয়ে কাটি নিলে গঁড়ৰ খড়্গ

Posted by: ময়ূখ গোস্বামী, মঙলদৈ Updated by: ময়ূখ গোস্বামী, মঙলদৈ May 12, 2022 7:01 pm

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰীয়ে নতুন কৌশল গ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে। এই নতুন কৌশলত এটা প্ৰাপ্তবয়স্ক গঁড়ৰ খড়্গটো গুলীয়াই বা গঁড়টোক আঘাত নকৰাকৈ কাটি নিয়া হৈছে। 

মঙলদৈ বন্যপ্ৰাণী বিভাগৰ ডিএফঅ’ প্ৰদীপ্ত বৰুৱাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে। 

তেওঁ কয় যে খড়্গ নোহোৱা গঁড়টো যোৱা ৯ মে’ৰ দিনা উদ্যানখনৰ মাগুৰমাৰি জুৰিয়াপুখুৰী অঞ্চলত বনৰক্ষীৰ নিয়মীয়া হাতীৰে চলোৱা টহলৰ সময়ত প্ৰথম দেখা গৈছিল।

লগতে পঢ়ক: কাইলৈ গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প

প্ৰথমে এইটো গঁড়বোৰৰ মাজত ঘটা জংঘলৰ যুঁজৰ ঘটনা বুলি ভবা হৈছিল। কিন্তু ৰাজ্যিক চিৰিয়াখানাৰ বিশেষজ্ঞ পশু চিকিৎসক আহি গঁড়টো চেতনাহীন (ট্ৰেংকুলাইজ) কৰি পৰীক্ষা কৰাত গঁড়টোৰ কোনো আঘাত হোৱা নাই বুলি গম পোৱা যায়।

চেতনানাশক ব্যৱহাৰ কৰি কেইদিনমান পূৰ্বে খড়্গটো কাটি পেলোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। ডিএফঅ’ বৰুৱাই নিশ্চিত কৰে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাসত পূৰ্বতে এনে ধৰণৰ কোনো চোৰাং চিকাৰ কৌশল গ্ৰহণ কৰাৰ দৃষ্টান্ত নাই।

লগতে পঢ়ক: ভাল খৱৰ: অসমীয়া ভাষালৈ গুগলৰ ঐতিহাসিক স্বীকৃতি

এই ঘটনাই বন বিভাগক শংকিত কৰি তুলিছে।  তেওঁলোকে চোৰাং চিকাৰীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। অৱশ্যে এই প্ৰতিবেদন দাখিল কৰালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।