NORTHEAST NOW (Assamese)
অসম

দীপাৱলীৰ আনন্দৰ মাজতে মাৰ্ঘেৰিটাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 27, 2019 9:36 pm

দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতঙত আজি আবেলি উৱলি যোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷

মৃত ব্যক্তিজনক উক্ত অঞ্চলৰে জয়সিং সৎনামী (৫০) বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি লোকজন যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।

আজি আৱেলি লোকজনৰ ঘৰৰ সন্মুখতে থকা সৰ্বেশ্বৰ গগৈ নামৰ এগৰাকী ব্যক্তিৰ চাহ বাগানৰ মাজত মৃতদেহটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে।

পিছত গাঁওৰক্ষী বাহিনীৰ লোকে মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমাৰ কাৰ্যকাৰী দণ্ডাধীশ মাধুৰ্য্য বুঢ়াগোহাঁইৰ উপস্থিত মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে।

মৃতদেহটো অৰ্ধগলিত হোৱা লৈ চাই লোকজনৰ মৃত্যু কেইবাদিনো পূৰ্বে হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷

মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ এক সূত্ৰই ব্যক্তিজনে আত্মহত্যা কৰা বুলি সন্ধেহ কৰিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব৷