NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ জুইৰ গ্ৰাসত গেছ পাইপলাইন ||যোৰহাট

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য October 27, 2019 9:48 pm
Massive fire breaks out at Jorhat Baruah Chariali on Diwali

দীৱালী উদযাপনৰ মাজতে যোৰহাটৰ বৰুৱা চাৰিআলিৰ ওচৰত এডাল গেছ পাইপলাইনত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ বহুসংখ্যক জোৱানে জুই নুমুওৱাৰ চেষ্টা কৰি আছে যদিও ঘটনাটোৰ ফলত অঞ্চলটোত তীব্ৰ উৎকণ্ঠা অব্যাহত আছে।

উজ্জ্বল জুইকুৰাক বহুলোকে দীৱালীৰ উদযাপন বুলি ভাবি কাষ চাপি আহিছিল যদিও পাইপলাইনত জুই দেখি মানুহৰ মাজত হুৱাদুৱা লাগে।

প্ৰত্যক্ষদৰ্শীৰমতে, জুইৰ শিখা প্ৰায় ২০ ফুট উচ্চতালৈকে বিয়পি পৰিছিল।

অসম গেছ ক’ৰ্পৰে’চন লিমিটেদৰ গেছ পৰিবাহী পাইপডালত লীক হোৱাৰ ফলতে জুই লগা বুলি ঘটনাস্থলীত কৰ্তব্যৰত এজন আৰক্ষীৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

ঘটনাটোৰ তদন্ত অব্যাহত আছে।