NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ বাজেটত সামাজিক সুৰক্ষামূলক আঁচনিক অগ্ৰাধিকাৰ

Posted by: এন ই নাও নিউজ March 15, 2018 12:58 pm
pema

সদ্যসমাপ্ত অৰুণাচল প্ৰদেশৰ বাজেট অধিবেশনত নাগৰিকৰ হিতৰ উদ্দ্যেশ্য সামাজিক সুৰক্ষামূলক আঁচনিক গুৰুত্ব দিছে পেমা খাণ্ডু চৰকাৰে। সেই অনুসৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে হিতাধিকাৰী সকলৰ বাবে বিভিন্ন সামাজিক সুৰক্ষামূলক আঁচনিৰ ক্ষেত্ৰত প্ৰায় ৮৮ কোটি টকা ধাৰ্য কৰিছে।

তদুপৰি খাণ্ডু চৰকাৰৰ বাজেটৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা হ’ল এনেধৰণৰ :

# ৮০ বছৰৰ ঊৰ্ধ্বৰ পেন্সনাৰ, বিধৱা পেন্সনাৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ পেন্সন মাহিলি ২০,০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত। আনহাতে ৬০-৭৯ বছৰৰ পেন্সনাৰৰ পেন্সন মাহিলি ১৫,০০০ টকা কৰা হ’ব।

# পিৰ’য়িক সম্প্ৰদায়ৰ লোকসকলৰ স্ব-নিয়োজনৰ বাবে ১০ কোটি টকাৰ আৱণ্টন।

# ’দুলাৰী কন্যা যোজনা’ৰ বাবে ৫ কোটি টকাৰ আৱণ্টন। য’ত চৰকাৰী চিকিৎসালয়ত কন্যা সন্তান জন্ম দিলে কন্যাৰ নামত ২০০০ টকাৰ বীমা (ফিক্সড ডিপ’জিট) কৰি দিয়া হ’ব।

# ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অট্টালিকা নিৰ্মাণৰ বাবে ৫ কোটি টকাৰ পুঁজিৰ প্ৰস্তাৱ।

# চাংলাং আৰু য়ুপিয়াত জুভেনাইল গৃহ নিৰ্মাণৰ বাবে ৬ কোটি টকাৰ আৱণ্টন।

# মুখ্য গাঁওবুঢ়াৰ মাহিলি ভাট্টা ২০০০ টকা আৰু গাঁওবুঢ়াৰ ভাট্টা ১৫০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত।

উল্লেখ্য যে প্ৰদেশখনৰ ৰাজ্যপাল বি ডি মিশ্ৰাৰ অভিভাষণেৰে যোৱা ৯ মাৰ্চত আৰম্ভ হোৱা অৰুণাচলৰ বাজেট অধিবেশনৰ আজি অন্ত পৰে।