NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ৰাজস্থানৰ প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2020 11:04 am

ৰাজস্থানৰ পৰা ত্ৰিপুৰালৈ কৰ্মৰ সন্ধান অহা এগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ ৮ মে’ত চিকিৎসালয়ত মৃত্যু হয়।

বৰ্তমানলৈ মৃত্যু হোৱা ৰাজস্থানৰ প্ৰব্ৰজিত শ্ৰমিকজনৰ সম্পূৰ্ণ পৰিছয় জানিব পৰা হোৱা নায়।

মৃত্যু হোৱা শ্ৰমিকজনৰ মৃতদেহটো বৰ্তমান চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে।

দেশত ল’কডাউনৰ বাবে প্ৰব্ৰজিত শ্ৰমিক সকলে সন্মুখিন হৈ অহা সমস্যাৰ বিষয়ে আলোচনা চলি থকাৰ সময়তে ত্ৰিপুৰাত এনেদৰে ৰাজস্থানৰ পৰা কাম কৰিবলৈ অহা শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই তাৎপৰ্য্য বহন কৰিছে।

ত্ৰিপুৰাত কাম কৰিবলৈ অহা ৰাজস্থানৰ শ্ৰমিক গৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ সময়তে বিগত মাহত দক্ষিণ ত্ৰিপুৰাৰৰ জলাইবাৰী হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

‘‘তেওঁ একো স্পষ্টকে ক’ব পৰা নাছিল, শ্ৰমিকজন যথেষ্ট দুৰ্বল আছিল। শ্ৰমিকজনে নিজৰ নাম ৰাজু আৰু ৰাজস্থানৰ বাসিন্দা বুলি কোৱাৰ বাহিৰে একো ক’ব পৰা নাছিল,’’চিকিৎসালয়খনৰ এগৰাকী চিকিৎসা কৰ্মীয়ে কয়।

উল্লেখযোগ্য যে, ৮ এপ্ৰিলত চিকিৎসালয়খনৰ কৰ্মচাৰী সকলে ৰাজুক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছিল। তেতিয়াৰে পৰা শ্ৰমিকজনক ড০ বিনিতা চাকমাৰ অধীনত চিকিৎসা প্ৰদান কৰি থকা হৈছিল।

চিকিৎসালয়খনৰ কৰ্মচাৰী সকলে ল’কডাউন চলি থকা বাবে ৰাজুক উন্নত চিকিৎসাৰ বাবে আগৰতলালৈ প্ৰেৰণ কৰা সম্ভৱ নহ’ল বুলিও লগতে জানিবলৈ দিয়ে।