NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 5:14 pm
উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেষ্ঠ পৰিদৰ্শক সকলৰ বাবে ৪৪ তম ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী বুধবাৰে মলিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্য্যালয়ত আৰম্ভ হয়।

এই কাৰ্য্যসূচী উত্তৰ-পূব সীমান্ত ৰেল’ৱেৰ মহা প্ৰৱন্ধক শ্ৰী অংশুল গুপ্তাদেৱে শুভাৰম্ভ কৰে।

বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অশ্বিনী লোহানী।

উল্লেখযোগ্য যে, ৰে’লৱে বোৰ্ডৰ নিৰ্দেশনাৱলী অনুসাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত ২০০৯ বৰ্ষৰ পৰাই জেষ্ঠ অধীনস্থ বিষয়াবৰ্গ আৰু জেষ্ঠ ৰে’লৱে পৰিদৰ্শকসকলৰ বাবে ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰি আহিছে।

পূৰ্বে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেৱল জেষ্ঠ ৰে’লৱে পৰিদৰ্শকসকলৰ বাবে হস্ৰম্যাদী ব্যৱস্থাপনা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল।

এই অনুষ্ঠানৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ দৃষ্টিভংগীৰ স্বাভাৱিক বিকাশ ৰাজহুৱাভাৱে বাৰ্তালাপৰ সময়ত এক অগতানুগতিক চাৰিত্ৰিক বৈশিষ্টৰ উত্তৰণৰ লগতে জ্ঞানৰ প্ৰাচুৰ্যতা বৃদ্ধি কৰা আদিৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০০৯ চনৰ পৰাই এনে ব্যৱস্থাপনা বিকাশৰ কাৰ্য্যসূচী আয়োজন কৰি আহিছে।

ইতিমধ্যে ১৯৩৪ জন কেন্দ্ৰীয় পৰ্যায়ৰ পৰিদৰ্শকক ৰে’লৱে মুখ্য কাৰ্যালয় পৰিকল্পনা কোষৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।