NORTHEAST NOW (Assamese)
অসম

কৃষি কৰ্মৰ স্বাৱলম্বিতাৰে আদৰ্শ হৈ পৰা লক্ষীৰঞ্জনে মুকলি কৰিলে ‘দেউতাৰ কুটীৰ’

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা September 12, 2020 7:12 am
WhatsApp Image 2020-09-11 at 7.27.20 PM

নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ঘৰতেই এনেয়ে বহি নাথাকি হাতে কামে কৃষি কৰ্মত লাগি পৰিছে চামগুৰিৰ এজন শিক্ষিত যুৱক।

বহু নিবনুৱা যুৱকৰ প্ৰেৰণাৰ উৎস এই যুৱকজন হৈছে চামগুৰিৰ হেমাৰবড়ীৰ লক্ষীৰঞ্জন কাকতি।

লকডাউনৰ প্ৰথম পৰ্যায়ত তেওঁ নিজৰ পথাৰতে উৎপাদন কৰা পটল, জিকা, ভেণ্ডি, পানীলাও, বিলাহী, ৰঙালাও, উৰহী, নেমু টেঙাকে ধৰি বিভিন্ন শাক-পাচলি এখন ঠেলা গাড়ীত নিজে কঢ়িয়াই গাঁৱৰ পদুলিয়ে পদুলিয়ে বিক্ৰী কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

শিক্ষিত লক্ষীৰঞ্জনে সম্পূৰ্ণ অসমীয়া সাজ পৰিধান কৰি ঠেলা গাড়ীত পাচলি বিক্ৰী কৰাক কেন্দ্ৰ কৰি এচামে হাঁহিছিল যদিও তালৈ তেওঁ ভ্ৰূক্ষেপ কৰা নাছিল।

শাক-পাচলিৰ লগতে নিজৰ বাৰীৰ পুখুৰীত উৎপাদন কৰা মৎস্য বিক্ৰী কৰিও আন দহজন নিবনুৱা যুৱকৰ আদৰ্শ হৈ পৰিছে লক্ষীৰঞ্জন।

দেউতাক প্ৰয়াত ৰণ্টু বৰকাকতিৰ অনুপ্ৰেৰণা আৰু আদৰ্শ আগত ৰাখি এজন সফল খেতিয়ক হৈ স্বাৱলম্বিতাৰ সপোন ৰচা যুৱক লক্ষীৰঞ্জনে গেৰুৱামুখ গাঁৱৰ কলঙৰ বাকৰিত গঢ়ি তুলিছে এখন বৈজ্ঞানিক ভিত্তিৰ কৃষি পাম।

এই কৃষি পামত ইতিমধ্যে কেইবাজনো স্থানীয় নিবনুৱা যুৱকক নিয়োগ কৰি কৰ্ম সংস্থাপন দিবলৈ তেওঁ সক্ষম হৈছে।

পিতৃ ৰণ্টু কাকতিৰ সোঁৱৰণত এই কৃষি পামত ‘দেউতাৰ কুটীৰ’ নামেৰে এটা পাম ঘৰ নিৰ্মাণ কৰি শুকুৰবাৰে তেওঁ মুকলি কৰে।

কলিয়াবৰ বিজেপিৰ সভাপতি অনিল শ‌ইকীয়াই গেৰুৱামুখত এই ‘দেউতাৰ কুটিৰ’ শুভ উদ্বোধন কৰে।

বিজেপিৰ জিলা সভাপতি শ‌ইকীয়াই অসমীয়া শিক্ষিত যুৱক জনে স্থাপন কৰা এই কৃষি পাম খনৰ শলাগ লোৱাৰ লগতে আন দহজন যুৱককো কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে লক্ষীৰঞ্জনক প্ৰশংসা কৰে।

অনুষ্ঠানত লক্ষীৰঞ্জনে স্থানীয় ৰাইজৰ সহযোগত ভাগৱত পাঠ কৰি মাঙ্গলিক অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।