NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ মায়’দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৭ জন

Posted by: এন ই নাও নিউজ January 24, 2018 10:25 pm
প্ৰতিনিধিত্বমূলক ছবি

আজি দুপৰীয়া ১২ বজাত অৰুণাচল প্ৰদেশৰ মায়’দিয়াত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জন যাত্ৰী থিতাতে নিহত হয়।

জানিব পৰা মতে এ এছ ২৩ কিউ ১০৮৮ নম্বৰৰ বলেৰ’ গাড়ীখন মায়’দিয়াৰ ওচৰৰ তিৱাৰী গাঁৱত পথৰ পৰা বাগৰি পৰে।

দুৰ্ঘটনাটোত ৭ জন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ২ জন লোকে গুৰুতৰ আঘাত পায়। বাকী দুজন লোকৰ আঘাত সিমান গুৰুতৰ নাছিল।

গুৰুতৰভাৱে আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আটাইকেইজন লোকেই তিনিচুকীয়াৰ হাপজান আৰু ডুমডুমা অঞ্চলৰ বুলি  জানিব পৰা গৈছে।

ঘটনাটোত নৰচাদ আহেমদ, ইৰচাদ হুছেইন, আনোৱাৰ হুছেইন, আচিফ আনছাৰি, আনছাৰ আহমেদ, পাৰভেজ হুছেইন  আৰু আমিৰ হুছেইন থিতাতে নিহত হোৱাৰ বিপৰীতে ৱাছিম আক্ৰাম আৰু মোজাহিদুল ইছলাম গুৰুতৰভাৱে আহত হৈছে।