NORTHEAST NOW (Assamese)
Popular Stories

কনকসেন ডেকালৈ ৰাজ্য চৰকাৰৰ ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’

Posted by: এন ই নাও নিউজ January 24, 2018 10:37 pm
কনকসেন ডেকা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকালৈ ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে।

২৬ জানুৱাৰীত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশিষ্ট সাংবাদিক গৰাকীক ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত বঁটা প্ৰদান কৰিব।

বঁটাত ১ লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এটি স্মাৰক আছে।

উল্লেখযোগ্য যে শ্ৰী ডেকা উক্ত বঁটা লাভ কৰা দ্বিতীয়জন ব্যক্তি। ইয়াৰ পূৰ্বে দৈনিক অসম কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰয়াত ৰাধিকা মোহন ভাগৱতীক উক্ত সন্মানীয় বঁটাৰে সন্মানীত কৰা হৈছিল।

মন কৰিব লগীয়া যে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰদান কৰি অহা ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ সাংবাদিকতাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়াই অহা লোক সকলক সন্মানিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে।

১৯৩৩ চনৰ ১৬ জুলাইত নলবাৰিৰ বেলচৰত জন্ম গ্ৰহণ কৰা কনকসেন ডেকাই ১৯৭১ চনৰ পৰা অগ্ৰদুত কাকতৰ সম্পাদক হিচাপে দায়িত্ব লৈ আহিছে।

২০০৫ চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা ডেকা ২০০৭ চনত পুনৰ দ্বিতীয়বাৰৰ বাবে সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়।

তেওঁ নতুন পুৰুষে যুক্তিৰ আন্ধাৰত নতুন সমাজ গঢ়ক, আমাৰ যুৱ সমাজ বিশ্ব বিজয় কৰিবলৈ ওলাই আহক, সূৰ্য পূবত নুঠে আদি কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে।