NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশৰ যুৱ সমাজৰ মাজত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে সোমবাৰে অনুষ্ঠিত হয় ‘ৰান ফৰ স্পোৰ্ট’ছ’ মিনি মাৰাথন

February 20, 2018 12:24 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া বিভাগে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নয়ন সাধন তথা যুৱ সমাজৰ মাজত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ‘ৰান ফৰ স্পোৰ্ট’ছ’ শীৰ্ষক এক মিনি মাৰাথনৰ আয়োজন কৰে।

সোমবাৰে আনজ’ৰ হাৱাইত ৰাজ্যিক ভিত্তিত আয়োজিত মিনি মাৰাথন প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হয়।

প্ৰতিযোগিতাখনৰ শুভউদ্বোধন কৰে উপায়ুক্ত মমতা ৰিবাই। উদ্বোধনী অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত ৰিবাই খেলে কিদৰে দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় সেই সম্পৰ্কে মত পোষণ কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ মহিলা শাখাত ইলুছী গী, দিবানলু বেলাই আৰু জিনানলু গাডঙএ ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখন কৰিবলৈ সক্ষম হয়।

আনহাতে পুৰুষৰ শাখাত নিছামছা পুলে প্ৰথম, বিথেমছ’ বীয়ে দ্বিতীয় আৰু ৰুৱাটছো ট’ছিকে তৃতীয় স্থান দখল কৰে।

ইফালে ৰাজ্যখনৰ নামনি সোৱনশিৰি জিলাৰ জিৰ’ৰ জিলা খ্ৰীড়া বিভাগে একেধৰণৰ মিনি মাৰাথনৰ আয়োজন কৰে।

১০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্য স্থান নিৰ্ধাৰণ কৰা প্ৰতিযোগিতাখন হাপোলিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভণি হৈ পুৰণি জিৰ’ত সমাপন ঘটে।

এই প্ৰতিযোগিতাৰ উদ্বোধন কৰে ইএচি ম’কাৰ ৰিবাই। প্ৰতিযোগিতাখনত অঞ্চলৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

মুদাং অম’য়ে পুৰুষৰ শাখাত আৰু টায়’ ৰিনিয়ে মহিলাৰ শাখাত বিজয়ীৰ খিতাপ দখল কৰে।

ইয়াৰ উপৰি টিৰাপৰ খংছাতো আয়োজিত মিনি মাৰাথনৰ উদ্বোধন কৰে জিলা উপায়ুক্ত পি এন থাংগনে।

খংছাৰ মিনি মাৰাথনত ককাই পানছাই পুৰুষৰ শাখাত প্ৰথম আৰু মহিলাৰ শাখাত নিইনিয়ামে আবোহে শীৰ্ষ স্থান দখল কৰে। তেওঁলোকে লক্ষ্যস্থান পাবলৈ সময় লয় ক্ৰমে ৪৩ আৰু ৪৮ মিণিট।

উল্লেখ্য যে অৰুণাচল প্ৰদেশ ক্ৰীড়া বিভাগৰ উদ্যোগত ৰাজ্যখনৰ জিলা ক্ৰীড়া বিভাগ সমূহে যুৱ সমাজৰ মাজত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে এই মিনি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰে বুলি জানিবলৈ দিয়ে।

Related News