NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ য়েছি ৱাঙমুলৈ প্ৰধান মন্ত্ৰীয়ে আগবঢ়ালে স্বচ্ছগ্ৰাহী বঁটা

Posted by: এন ই নাও নিউজ April 11, 2018 4:54 pm
অৰুণাচল প্ৰদেশৰ য়েছি ৱাঙমুলৈ প্ৰধান মন্ত্ৰীয়ে আগবঢ়ালে স্বচ্ছগ্ৰাহী বঁটা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি  এক অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ টাৱাঙ জিলাৰ য়েছি ৱাঙমু নামৰ মহিলা গৰাকীক তেওঁ নিজৰ জিলাখনত স্বচ্ছ ভাৰত অভিযানৰ ক্ষেত্ৰত আগবঢ়োৱা অনৱদ্য সেৱাৰ বাবে স্বচ্ছগ্ৰাহী বঁটাৰে সন্মানিত কৰে।

বিহাৰৰ চম্পৰনত অনুষ্ঠিত এবছৰ কাল ধৰি চলা চম্পৰন সত্যাগ্ৰহ আন্দোলনৰ কালিৰ সামৰণি অনুষ্ঠানত য়েছি ৱাঙমুক উক্ত বঁটা প্ৰদান কৰা হয়।

টাৱাঙৰ য়াঙ নামৰ অঞ্চলটোত শৌচালয় নিৰ্মাণ আৰু শৌচালয় ব্যৱহাৰৰ ক্ষেত্ৰত তাৰ বাসীন্দাসকলক সজাগ আৰু উৎসাহী কৰাৰ ক্ষেত্ৰত ৱাঙমুয়ে দেখুৱা একান্ত নিষ্ঠাৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে।

অঞ্চলটোৰ বাসীন্দাসকলক স্বচ্ছতাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে তেওঁ অসংখ্য গ্ৰাম সভা আৰু এনেধৰনৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে।