NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচলত আছাম ৰাইফলছৰ অভিযান, নিহত ছয় উগ্ৰপন্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 11:43 am
EcnnqPsVcAE-Pth-1024x6

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰি অহা এন এছ চি এন(আই এম)গোটৰ ছয়জনকৈ উগ্ৰপন্থীক আজি কাহিলী পুৱাতে সেনাই গুলীয়াই হত্যা কৰে।

অসমৰ তিনিচুকীয়াৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত অৰুণাচলত টিৰাপ জিলাৰ খনছা নামৰ অঞ্চলটোত অভিযান চলাই উগ্ৰপন্থী কেইজনক হত্যা কৰিবলৈ সক্ষম হয়।

বিশেষ সূত্ৰে জানিব পৰা মতে খনছাৰ গভীৰ অৰণ্যৰ মাজত এন এছ চি এন(আই এম)গোটৰ উগ্ৰপন্থীয়ে বাহৰ পতাৰ খবৰ পোৱাৰ পিছতে অসম ৰাইফলছৰ এটা দলে গৈ উক্ত স্থানত উপস্থিত হয় আৰু উগ্ৰপন্থীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

অভিযান কালতে উগ্ৰপন্থীৰ দলটোৱে সেনাক লক্ষ্য কৰি গুলী বৰ্ষণ কৰে।

সেনায়ো ওলোটাই গুলীবৰ্ষণ কৰাত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে।

সংঘৰ্ষৰ অন্তত সেনাই ঘটনাস্থলীৰ পৰা ছয় জন উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃত উগ্ৰপন্থী কেইজনৰ পৰা সেনাই ছয়টা অত্যাধুনিক মাৰণাস্ত্ৰৰ লগতে বহু আপত্তিজনক নথি- পত্ৰ উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।