NORTHEAST NOW (Assamese)
অসম

অৰ্থ কেতিয়াও অন্তৰায় হ’ব নোৱাৰে প্ৰতিভাৰ; ফুটবলাৰ সীমান্তক ৰাজ্য চৰকাৰৰ সহায়ৰ হাত

Posted by: এন ই নাও নিউজ July 24, 2018 12:06 pm
22195625_875748159250918_6808507543424805105_n

ভাৰতৰ আগশাৰীৰ ফুটবল একাডেমি ডি এছ কে শিৱাজিয়ানছ ইণ্টাৰনেশ্যনেল ফুটবল একাডেমিত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এজন প্ৰতিভাৱান খেলুৱৈ সীমান্ত বৈশ্য।

মহাৰাষ্ট্ৰৰ পুনেস্থিত এই একাডেমিখনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে যাবলৈ আৰ্থিক সমস্যাত পৰিছিল সীমান্ত। কিন্তু এই কথাৰ উমান পাই সীমান্তক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল ৰাজ্য চৰকাৰ। সোমবাৰে ৰাজ্য চৰকাৰৰ হৈ ৰঞ্জিৎ দাসে এক লাখ টকা প্ৰদান কৰে।

উল্লেখ্য যে কালি অম্বিকাগিৰীৰ বাসভৱনলৈ গৈ সীমান্তক লগ ধৰি ৰাজ্য চৰকাৰৰ হৈ ৰঞ্জিৎ দাসে উক্ত ধন ৰাশি প্ৰদান কৰে। ইফালে পৰিয়ালৰ আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰঞ্জিৎ দাসে নিজৰ ফালৰ পৰাও ৪০ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়।

জানিব পৰা মতে গুৱাহাটীৰ লিজেণ্ড ক্লাবৰ হৈ খেলা সীমান্তৰ প্ৰতিভা দেখিয়েই ডি এছ কে শিৱাজিয়ানছ ইণ্টাৰনেশ্যনেল ফুটবল একাডেমিয়ে প্ৰশিক্ষণৰ বাবে তেওঁক বাছনি কৰিছে।

অট’ চালকৰ পুত্ৰৰ বাবে অহা সুযোগ যাতে অথলে নাযায় তাৰ বাবেই ৰাজ্য চৰকাৰৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই আৰ্থিক সহায় আগবঢ়ায়।