NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ কেলেংকাৰি : তদন্তৰ বাবে সময় সীমা বৃদ্ধি কৰিলে আদালতে

Posted by: এন ই নাও নিউজ July 24, 2018 11:43 am
APSC-building.-570x320

এ পি এছ চিৰ কেলেংকাৰিৰ চলি থকা তদন্তৰ বাবে আৰক্ষীক সময়সীমা বৃদ্ধি কৰি দিছে বিশেষ আদালতে। আয়োগৰ বিয়াগোম কেলেংকাৰিৰ গোচৰটোৰ তদন্ত এতিয়াই সম্পূৰ্ণ কৰাত অসুবিধা হোৱাৰ বাবে অতিৰিক্ত তিনি মাহ সময় বিচাৰি আদালতত তদন্তকাৰী আৰক্ষীয়ে আৱেদন কৰিছিল।

ডিব্ৰুগড় আৰক্ষীয়ে চলাই থকা এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত আছে যদিও তদন্তকাৰী আৰক্ষীয়ে প্ৰক্ৰিয়াটোত আৰু কিছু সময়ৰ প্ৰয়োজন অনুভৱ কৰিছে। আৰক্ষীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ পাছত সোমবাৰে আদালতে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীক তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু দুমাহ সময় বৃদ্ধি কৰি দিয়ে।

ইপিনে, সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ কন্যা ধৃত ডি এছ পি পল্লৱী শৰ্মাই পিতৃৰ অসুস্থতাৰ দোহাই দি সোমবাৰে পুনৰবাৰ বিশেষ আদালতত জামিন আৱেদন দাখিল কৰে। সোমবাৰে পিতৃৰ অসুস্থতাৰ তথ্য আদালতত দাখিল কৰি পল্লৱী শৰ্মাই অসুস্থ পিতৃৰ শুশ্ৰূষা কৰাৰ বাবে জামিন বিচাৰে।

আদালতত কৰা আৱেদনত পল্লৱীয়ে তেওঁৰ পিতৃ বৃক্কৰ ৰোগত গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ কথা উল্লেখ কৰিছে। কলকাতাত অহা ৩০ জুলাইত পিতৃৰ জটিল অস্ত্ৰোপচাৰ হ’ব বুলি নথি-পত্ৰ দাখিল কৰি অস্ত্ৰোপচাৰৰ পাছত তেওঁক শুশ্ৰূষা কৰিবলৈ মানুহৰ অভাৱ বুলি কাৰণ দৰ্শাইছে। সেয়ে, তেওঁক সেই দায়িত্ব পালন কৰিবৰ বাবে জামিন বিচাৰি আৱেদন জনাইছে।

আনহাতে, আদালতে সোমবাৰে তেওঁৰ আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ পৰিৱৰ্তে অহা ২৫ জুলাইত শুনানিৰ দিন ধাৰ্য কৰে।