NORTHEAST NOW (Assamese)
অসম

কৰোনাতংক! : ৰাজ্যৰ শিক্ষানুষ্ঠানলৈ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা; কি কি নিৰ্দেশনা পালন কৰিব লাগিব শিক্ষানুষ্ঠানসমূহে?

Posted by: প্ৰাঞ্জল দেউৰী Updated by: প্ৰাঞ্জল দেউৰী April 20, 2021 3:29 pm
assam_education2

দেশৰ লগতে ৰাজ্যত কৰোনাৰ দ্বিতীয় ঢৌৱে ক্ৰমশঃ অপ্ৰতিৰোধ্য গতিত সংক্ৰমিত হোৱাৰ পৰিপ্ৰেক্ষিতত মংগলবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহলৈ কিছুমান নতুন নিৰ্দেশনা জাৰি কৰিছে।

শিক্ষা বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ৰাজ্যৰ যিসমূহ জিলাত কোভিড আক্ৰান্তৰ সংখ্যাই ১০০ অতিক্ৰম কৰিব সেইসমূহ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰাথমিক শিক্ষানুষ্ঠান (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) সম্পূৰ্ণ বন্ধ থাকিব।

অৱশ্যে পৰৱৰ্তী সময়ত শিক্ষাৰ্থীসকলৰ পাঠদান অব্যাহত ৰখাৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থা কৰিব লাগিব শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষই।

আনহাতে আক্ৰান্ত সংখ্যাই ১০০ অতিক্ৰম কৰা জিলাসমূহৰ উচ্চ প্ৰাথমিক(ষষ্ঠৰ পৰা অষ্টম), মাধ্যমিক(নৱমৰ আৰু দশম) আৰু উচ্চ মাধ্যমিক(একাদশ আৰু দ্বাদশ)ৰ চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠানে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা সকলো ধৰণৰ সাধাৰণ নিৰ্দেশনা মানি চলাতো কঠোৰভাৱে বাধ্যতামূলক হ’ব।

উচ্চ প্ৰাথমিকৰ পৰা উচ্চ মাধ্যমিকৰ সকলো শ্ৰেণীৰ ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান কৰিব পাৰিব শিক্ষানুষ্ঠানসমূহে।

নিৰ্দেশনা অনুসৰি প্ৰতিটো শ্ৰেণীত গঢ়ে ৫০ গৰাকী শিক্ষাৰ্থীক লৈ একোটা শাখা বিভক্ত কৰি ৰোল নং ১ৰ পৰা ২৫ লৈ সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান কৰিব লাগিব। ঠিক তেনেদৰে ৰোল নং ২৬ৰ পৰা ৫০ লৈ সপ্তাহৰ মংলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে পাঠদান কৰিব লাগিব শিক্ষাষ্ঠানসমূহে।

যদি কোনো শাখাত ৫০ গৰাকীকৈ কম শিক্ষাৰ্থী থাকে তেনে শিক্ষানুষ্ঠানৰ প্ৰধানে সেই অনুপাতে পাঠদানৰ ব্যৱস্থা কৰিব লাগিব।

শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই এবাৰত তিনিটা শ্ৰেণীৰ পাঠদান কৰিব পাৰিব। প্ৰথমটো পাঠদানৰ পৰা দ্বিতীয়টো পাঠদানৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকিব লাগিব যাতে শিক্ষাষ্ঠানটোৰ প্ৰৱেশ আৰু প্ৰস্থান গেটত একে সময়তে শিক্ষাৰ্থীসকলৰ বৃহৎ পৰিমাণৰ ভিৰ উদ্ভৱ নহয়।

শিক্ষানুষ্ঠানসমূহে যেতিয়াৰ সম্ভৱ হয় তেতিয়াৰ পৰাই মান সম্পন্ন অনলাইন পাঠদান আৰম্ভ কৰিব লাগিব।

ইফালে পাঠদানৰ সময়ত শিক্ষানুষ্ঠানসমূহে কোভিড বিধি কঠোৰভাৱে পালন কৰিব লাগিব। অৰ্থাৎ হাত ধোৱা, চেনিটাইজ কৰা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখাতো বাধ্যমূলক কৰিব লাগিব শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই। শিক্ষানুষ্ঠানখনো চেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই।

পুৱাৰ প্ৰাৰ্থনা সভা সম্পূৰ্ণৰূপে বন্ধ কৰাৰো নিৰ্দেশ দিছে শিক্ষা বিভাগে। কোনো শিক্ষানুষ্ঠানে প্ৰাৰ্থনা আৰু পাতঃ সভা অনুষ্ঠিত কৰিব নোৱাৰিব।

কাঁহ, জ্বৰ, চৰ্দি আদিৰ লক্ষণ থকা শিক্ষক আৰু শিক্ষাৰ্থী শিক্ষানুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

আক্ৰান্ত সংখ্যাই ১০০ অতিক্ৰম কৰা জিলাসমূহৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহতো এটা দিনত ৫০ শতাংশ শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব। উচ্চ শিক্ষানুষ্ঠানসমূহে যিমান দূৰ সম্ভৱ ভাৰ্চুৱেল বিকল্পবোৰ গ্ৰহণ কৰিব লাগিব।

মহাবিদ্যালয়/বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব যাতে চৌহদত সকলো কোভিড প্ৰটক’ল বজাই ৰখা হয় আৰু প্ৰতিটো কৰ্মদিনত ৫০ শতাংশ শিক্ষাৰ্থী বাছনি কৰাৰ প্ৰক্ৰিয়াটো মহাবিদ্যালয়/বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নিজৰ দায়িত্ব হ’ব।

জিলাসমূহৰ উপায়ুক্তসকলে তেওঁলোকৰ নিজ নিজ জিলাত কোভিড পৰিস্থিতি পৰ্যালোচনা কৰিব আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে দায়িত্ব লৈ দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত ক্ষমতা প্ৰয়োগ কৰিব পাৰিব।

পৰৱৰ্তী অধিসূচনাৰ জাৰি নকৰা পৰ্যন্ত অহা ৮ মে’লৈকে এই নিৰ্দেশনাসমূহ শিক্ষানুষ্ঠানসমূহে মানি চলিব লাগিব বুলি জাননীখনত উল্লেখ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।