NORTHEAST NOW (Assamese)
অসম

অসম আৰু নাগালেণ্ডৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক; সীমান্তৰ পৰা আৰক্ষী শিবিৰ উঠাই নিয়াৰ সিদ্ধান্ত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 1, 2021 11:59 am
Assam-Nagaland

অসম-নাগালেণ্ডৰ সীমা সমস্যাক লৈ মৰিয়নী মহাবিদ্যালয়ৰ সভা কক্ষত শনিবাৰে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত উপস্থিত থাকে নাগালেণ্ডৰ মোককছাং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু যোৰহাট জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষক, তিতাবৰৰ নৱনিযুক্ত মহকুমাধিপতি, সীমান্ত দণ্ডাধীশ আৰু ৰাজহচক্ৰ বিষয়া।

জানিব পৰা মতে, এই বৈঠকত সীমান্তৰ পৰা দুইখন ৰাজ্যৰ আৰক্ষী প্ৰত্যাহাৰ কৰাৰ ঐতিহাসিক সিদ্ধান্ত লোৱা হয়।

ইয়াৰ পিছতে দুয়ো ৰাজ্যৰ প্ৰশাসনৰ দলটো দিচৈ সংৰক্ষিত বনাঞ্চললৈ গৈ সেই অঞ্চল পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে দুইখন ৰাজ্যৰ বিষয়া পৰ্যায়ত বুজাবুজি হৈ দিচৈ সংৰক্ষিত বনাঞ্চলত নতুনকৈ নিৰ্মাণ কৰা BOP সমূহ প্ৰত্যাহাৰ কৰা এইয়াই প্ৰথম ঘটনা হিচাপে বিবেচিত হৈছে৷

শেষত দুয়োখন ৰাজ্যৰ বেৰ উঠাই দি কৰমৰ্দন কৰে দুয়ো ৰাজ্যৰ প্ৰশাসনৰ দলটোৱে l