NORTHEAST NOW (Assamese)
অসম

হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ প্ৰথমটো খোজঃ মধ্য প্ৰদেশৰ পৰাই আৰম্ভ হ’ল হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষাদান

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 16, 2022 3:10 pm

বহু বাদ-প্ৰতিবাদৰ পিছতো হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ বিষয়টোত চৰকাৰ আঁকোৰগোঁজ হৈ আছে। তাৰেই উমান পোৱা গ’ল মধ্য প্ৰদেশত ।

ৰাজ্য খনত আজি হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ল।
ৰাজ্য খনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজ্যৰ চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস কৈলাশ চাৰোও উপস্থিতিত দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত লিখা চিকিৎসা বিজ্ঞানৰ কিতাপ আজি মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

অনুষ্ঠানত অমিত শ্বাহে কয়, “আজিৰ দিনটো দেশৰ শিক্ষাখণ্ডত অতি গুৰুত্বপূৰ্ণ দিন হ’ব। যেতিয়াই আগন্তুক দিনৰ ইতিহাস লিখা হয়, আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। বিজেপিৰ শিৱৰাজ সিং চৌহানে দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম শিকোৱা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ইচ্ছাক স্বীকৃতি দিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃভাষাত শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। “

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, “আজি অমিত শ্বাহে দৰিদ্ৰ লোকসকলৰ সন্তানৰ বাবে এক নতুন পুৱাৰ সূচনা কৰিছে। বহুতেই চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে। কিন্তু ইংৰাজীৰ ফান্দত পৰাৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে বহুতে পঢ়া শুনা এৰিবলৈ বাধ্য হৈছিল”।